অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান নলবাৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা আত্মসহায়ক গোটৰ মেলাই অভিলেখ সংখ্যক বিক্ৰীৰে ৰেকৰ্ড কৰিলে নলবাৰী ৰাস মহোৎসৱত।উল্লেখযোগ্য যে ৰাস মহোৎসৱত প্ৰায় ৭০ লাখ টকা ব্যৱসায় কৰিছে স্থলসমূহে।
ইফালে নলবাৰী ৰাস মহোৎসৱত ৪০তকৈ অধিক স্থল থকা এই আত্মসহায়ক গোটৰ মেলাত শিপিনীসকলে নিজ হাতেবোৱা বিভিন্ন সামগ্ৰী বিক্ৰী কৰি লাভান্বিত হৈছে। গাঁৱৰ শিপিনীয়ে বোৱা কাপোৰকে ধৰি পিঠা-চাহ আদিও যথেষ্ট বিক্ৰী হৈছে ৰাস মহোৎসৱৰ মেলাত।
প্ৰায় প্ৰতিগৰাকী লোকেই ৰাসত এনে স্থানীয় সামগ্ৰীৰ প্ৰতি আকৃষ্ট হয় আৰু এপদ হ'লেও সামগ্ৰী লৈ ঘৰ অভিমুখে যাত্ৰা কৰে। এইদৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত হোৱা আত্মসহায়ক গোটৰ মেলাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰায় ৭০ লাখ টকা ব্যৱসায় কৰিছে।
আনহাতে মেলাখন প্ৰতিদিনেই লোকাৰণ্য হৈ পৰিছে। আৰু স্থানীয় উৎপাদিত সামগ্ৰী বিক্ৰী কৰি উৎফুল্লিত আত্মসহায়ক গোটসমূহো।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|