শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা নিলম্বন কৰাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া।
শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা নিলম্বন কৰাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া।
"ভূপেন বৰা বা কংগ্ৰেছ দলে শ্বেৰমান আলীক বহিষ্কাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে"- বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলে নিলম্বন কৰাৰ বিষয়ত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই।
বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদ সকলৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা বিষয়টোক অক্ষমণীয় অপৰাধ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, 'দলৰ পৰা বহিষ্কাৰ কৰাটোহে তেওঁৰ বাবে উপযুক্ত শাস্তি আছিল। কিন্তু বাঘবৰ, জনীয়া অথবা বাংলাদেশী মূলৰ ভোটৰ মোহত কংগ্ৰেছ দল অথবা ভূপেন বৰাই বাংলাদেশী মূলৰ শ্বেৰমান আলীক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ সাহস নকৰি নিলম্বনহে কৰিছে।'
আনহাতে কিছুদিন পূৰ্বে শৰ্মা উপাধিৰ মানুহৰ বিৰুদ্ধে বুকুৰ চোলা খুলি দিয়া ভূপেন বৰাই এতিয়া আলী উপাধিৰ শ্বেৰমান আলীৰ বিৰুদ্ধে চোলা খোলাৰ সাহস গোটাব নোৱাৰিলে। ইয়াক কংগ্ৰেছ দলৰ অসমীয়াৰ প্ৰতি কৰা অসন্মান বুলি উল্লেখ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। আনহাতে ভৱিষ্যতে যাতে কংগ্ৰেছ দল অথবা ভূপেন বৰাই অসমীয়াই বেয়া পোৱা কাম নকৰে তাৰ বাবেও তেওঁলোকক অনুৰোধ কৰিছে মন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|