মুখ্যপৃষ্ঠা »খবৰ »অসম »Sherman Ali : আনন্দ মিশ্ৰক গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠাব লাগে, দাবী শ্বেৰমান আলীৰ, হিজাব বিতৰ্কক লৈ ক’লে – নগ্নতাৰ বিৰুদ্ধেহে হ’ব লাগে প্ৰতিবাদ

Sherman Ali : আনন্দ মিশ্ৰক গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠাব লাগে, দাবী শ্বেৰমান আলীৰ, হিজাব বিতৰ্কক লৈ ক’লে – নগ্নতাৰ বিৰুদ্ধেহে হ’ব লাগে প্ৰতিবাদ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শ্বেৰমান আলীৰ আহ্বান – আপুনি ইতিহাসত কলংক ৰাখি থৈ নাযাব। ইতিহাসৰ কলংকিত নায়ক নহ’ব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শ্বেৰমান আলীৰ আহ্বান – আপুনি ইতিহাসত কলংক ৰাখি থৈ নাযাব। ইতিহাসৰ কলংকিত নায়ক নহ’ব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শ্বেৰমান আলীৰ আহ্বান – আপুনি ইতিহাসত কলংক ৰাখি থৈ নাযাব। ইতিহাসৰ কলংকিত নায়ক নহ’ব

  • Share this:
নগাঁৱৰ এনকাউণ্টাৰৰ ঘটনাৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শ্বেৰমান আলীৰ। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অসমৰ ৯৯ শতাংশ এনকাউণ্টাৰে ভুৱা। আনন্দ মিশ্ৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠাব লাগে। বহু নিৰপৰাধী লোকৰ এনকাউণ্টাৰৰ বাবে দায়ী আনন্দ মিশ্ৰ। কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰে অসমত শেষ ঘটনা হওক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শ্বেৰমান আলীৰ আহ্বান – ‘‘আপুনি ইতিহাসত কলংক ৰাখি থৈ নাযাব। ইতিহাসৰ কলংকিত নায়ক নহ’ব। কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰেই যাতে শেষ এনকাউণ্টাৰ হয়। আপোনাৰ পুলিচ বাহিনীক নিয়ন্ত্ৰণ কৰক। ভৱিষ্যতে আৰক্ষীয়ে যাতে অসমৰ তেজাল ডেকাক এনকাউণ্টাৰ বা হত্যা কৰাৰ সুযোগ নাপায়।’’

ইফালে, কৰ্ণাটকৰ হিজাব বিতৰ্ক সন্দৰ্ভত শ্বেৰমান আলীৰ মন্তব্য- কোনে কি পিন্ধিব সেয়া নিজৰ কথা। এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিব নালাগে। নগ্নতাৰ বিৰুদ্ধেহে প্ৰতিবাদ হ'ব লাগে, কোনে কি পিন্ধিব তাৰ বিৰুদ্ধে নহয়। কিন্তু নিকৃষ্ট ৰাজনীতি কৰিব নালাগে। সকলোৰে কাপোৰ পিন্ধাক লৈ নিজস্ব অধিকাৰ থাকে। কাপোৰৰ প্ৰতি নিয়ন্ত্ৰণ নথকাৰ বাবে যৌন উৎপীড়ন বৃদ্ধি পায় বুলি মোৰ ধাৰণা। গতিকে নগ্নতাৰ বিৰুদ্ধেহে প্ৰতিবাদ হ’ব লাগে।

শেহতীয়া বাতৰি