• Home
  • »
  • News
  • »
  • assam
  • »
  • Sherman Ali : মিঞাক অসমীয়া বুলি ভাবেনে? – কংগ্ৰেছলৈ কেইবাটাও প্ৰশ্ন শ্বেৰমান আলীৰ, উত্তৰ নিদিলে এৰিব দল

Sherman Ali : মিঞাক অসমীয়া বুলি ভাবেনে? – কংগ্ৰেছলৈ কেইবাটাও প্ৰশ্ন শ্বেৰমান আলীৰ, উত্তৰ নিদিলে এৰিব দল

ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত শ্বেৰমান আলীয়ে কয় যে কংগ্ৰেছৰ ৫জন বিধায়কে বিজেপিক ভোট দিয়াটো নিশ্চিত।

  • Share this:
কংগ্ৰেছ ত্যাগ কৰা নকৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ। কংগ্ৰেছৰ স্থিতি জানিব বিচাৰিছে শ্বেৰমান আলীয়ে। কংগ্ৰেছলৈ শ্বেৰমান আলিৰ প্ৰশ্ন– "মিঞাক অসমীয়া বুলি ভাবেনে কংগ্ৰেছে? যদি ভাবে মিঞাৰ কলা-সংস্কৃতি সংৰক্ষণ কৰিবনে? গৰখহনীয়াত ক্ষতিগ্ৰস্ত মানুহক সংস্থাপন দিবনে? নেলী, চাউলখোৱাৰ মানুহক ক্ষতিপূৰণ দিবনে?’’ শ্বেৰমান আলীৰ চৰ্ত নামানিলে দল ত্যাগ কৰাৰ হুংকাৰ।

শ্বেৰমান আলীয়ে কয়, কংগ্ৰেছ দলে মোক নিলম্বনহে কৰিছে বহিষ্কাৰ কৰা নাই, গতিকে দলত থাকি মই কথা ক'ব পাৰো। কংগ্ৰেছ দলক মই কেইবাটাও দাবী দিছো। কংগ্ৰেছ শাসনলৈ আহিলে ১৫ হাজাৰ ৱাকাফ সম্পত্তি উদ্ধাৰ কৰিবনে নাই? ৮৫৫জন শ্বহীদক শ্বহীদ ঘোষণা কৰিলে ঠিক আছে, কিন্তু কংগ্ৰেছ দল শাসনলৈ আহিলে নেলী, চাউলখোৱা, গহপুৰৰ নিৰপৰাধী মানুহক শ্বহীদ ঘোষণা কৰিবনে নাই, অন্য শ্বহীদৰ দৰে ৫ লাখ টকা দিবনে নাই? অসমত প্ৰায় ১ কোটি মিঞা মানুহ আছে, তেওঁলোকে নিজকে অসমীয়া বুলি দাবী কৰি আহিছে তেওঁলোকৰ কলা–সংস্কৃতি ৰক্ষা কৰিবনে নাই? এইসমূহ দাবীৰ যদি এটাও কংগ্ৰেছ দলে নাকচ কৰে তেন্তে মই লগে লগে কংগ্ৰেছ এৰিম বুলি মন্তব্য শ্বেৰমান আলীৰ।

ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত শ্বেৰমান আলীয়ে কয় যে কংগ্ৰেছৰ ৫জন বিধায়কে বিজেপিক ভোট দিয়াটো নিশ্চিত।
Published by:Sanjay Kumar Das
First published: