বিধানসভাৰ বাহিৰত ৰূপজ্যোতি কুৰ্মীক তীব্ৰ কটাক্ষ শ্বেৰমান আলীৰ। ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি শ্বেৰমান আলীৰ মুখত হিন্দী সংলাপ - ‘উমৰ ছে ক্যা হোতা হে, অকল হোনা চাহিয়ে।’ ইমানেই নহয়, ১২৬জন বিধায়কৰ ভিতৰত ৰূপজ্যোতি কুৰ্মীক বহুৱা নাম্বাৰ ১ আখ্যা শ্বেৰমান আলীৰ।
আনহাতে, ৰকিবুল হুছেইনকো তীব্ৰ কটাক্ষ কৰে শ্বেৰমান আলীয়ে। ৰকিবুল হুছেইনক ডাঙৰ ব্লেকমেইলাৰ আখ্যা শ্বেৰমানৰ আলীৰ। কংগ্ৰেছ বিজেপিতকৈও ভয়াৱহ বুলি মন্তব্য শ্বেৰমানৰ।
কংগ্ৰেছৰ ভিতৰত কেন্সাৰ থকা বুলি মন্তব্য কৰি শ্বেৰমান আলীয়ে অধ্যক্ষক বহুৱালি কৰাৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ ঘোষণা কৰিবলৈ আহ্বান জনায়। প্ৰথম পুৰস্কাৰ ৰূপজ্যোতি কুৰ্মীলৈ আৰু দ্বিতীয় পুৰস্কাৰ ৰকিবুল হুছেইনক দিব লাগে বুলি কয় শ্বেৰমানে।
কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক সমালোচনা কৰি কয় – ‘‘বাংলাদেশীৰ লগত ভাৰত জোড়ো যাত্ৰা কৰিছে কংগ্ৰেছে।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 23, 2022, 19:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|