২৪ৰ নিৰ্বাচনলৈ মাজত প্ৰায় এবছৰ বাকী৷ নিৰ্বাচনলৈ এবছৰ বাকী থকা অৱস্থাত কোনে কিমান আসন পাব তাক লৈ চলিছে প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতা মাথোঁ অনুমানৰ ভিত্তিত৷ বিজেপিয়ে ১২–১৩খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পাছত এইবাৰ আসনৰ সংখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ কংগ্ৰেছে ১৪খন আসনেই লাভ কৰিব বুলি দাবী।
কংগ্ৰেছ সভাপতিগৰাকীৰ এনে মন্তব্যক শাসক পক্ষই সমালোচনা কৰাৰ সমান্তৰালকৈ এইবাৰ সমালোচনা কৰিছে কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে৷ বাঘবৰৰ বিধায়কগৰাকীয়ে কয়, অসমৰ ৰাইজে ভূপেন বৰাক হাঁহি আছে। ভূপেন বৰাই বহুৱালি কৰি নিজৰ মৰ্যাদা হানি কৰিছে৷ নিজৰ জ্ঞান নাই বাবেই ভূপেন বৰাই ১৪খন আসন জিকাৰ কথা কয়।
‘‘কি যুক্তি আৰু ভিত্তিত কংগ্ৰেছে পাব ১৪খন আসন? আজিৰ তাৰিখত কংগ্ৰেছৰ কোনো ভিত্তি নাই ৷ AIUDFৰ সৈতে মিত্ৰতা অবিহনে যিটো কেতিয়াও সম্ভৱ নহয়৷ বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত কংগ্ৰেছ–AIUDFৰ মিত্ৰতা হ’ব লাগিব৷ যিটোৱে কংগ্ৰেছক বচোৱাৰ লগতে লোকসভাত আসন বৃদ্ধি পাব৷’’ – ক’লে শ্বেৰমান আলীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 21, 2023, 11:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।