মুখ্যপৃষ্ঠা »খবৰ »অসম »"হু ইজ RSS? অপৰাধী মিঞা-মুছলমানবোৰ এসময়ত নিম্ন খাপৰ হিন্দু আছিল": শ্বেৰমান আলীৰ মন্তব্য়

"হু ইজ RSS? অপৰাধী মিঞা-মুছলমানবোৰ এসময়ত নিম্ন খাপৰ হিন্দু আছিল": শ্বেৰমান আলীৰ মন্তব্য়

শ্বেৰমান আলীয়ে কয় যে, "উচ্চ খাপৰ ব্ৰাহ্মণৰ অত্যাচাৰত হিন্দুৱে লৈছিল মুছলমান ধৰ্ম"

শ্বেৰমান আলীয়ে কয় যে, "উচ্চ খাপৰ ব্ৰাহ্মণৰ অত্যাচাৰত হিন্দুৱে লৈছিল মুছলমান ধৰ্ম"

RSS: শ্বেৰমান আলীয়ে কয় যে, "উচ্চ খাপৰ ব্ৰাহ্মণৰ অত্যাচাৰত হিন্দুৱে লৈছিল মুছলমান ধৰ্ম"

  • Share this:

পুনৰ বিতৰ্কিত মন্তব্য কৰিছে বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে ৷ এইবাৰ নিজ দলৰ বিষয়ে বিতৰ্কৰ সুত্ৰপাত ঘটোৱা নাই বিধায়ক শ্বেৰমানে ৷ শ্বেৰমানে এইবাৰ ব্ৰাহ্মণ্যবাদ আৰু হিন্দুত্বক লক্ষ্য কৰি উদ্ভট মন্তব্য আগবঢ়াছে ৷


শ্বেৰমান আলীৰ মতে অপৰাধ প্ৰৱণতা অধিক থকা 'মিঞা-মুছলমান' সকল এসময়ত হিন্দু আছিল ৷ উচ্চ বৰ্ণৰ ব্ৰাহ্মণসকলৰ অত্যাচাৰৰ বলী হৈছিল নিম্ন খাপৰ হিন্দু সকল ৷ শ্বেৰমান আলীয়ে কয় যে, "চাওক এসময়ত এই মানুহবোৰ হিন্দু আছিল ৷ ব্ৰাহ্মণসকলৰ অত্যাচাৰ সহিব লগীয়া হৈছিল এইসকল লোকে ৷ তেওঁলোকৰ কাণত বেদবাক্য সোমালে গৰম ঘিউ ঢালি দিয়া হৈছিল কাণত ৷ দিনটো লেতেৰা চাফা কৰা কামত নিয়োজিত নিম্ন খাপৰ এই শ্ৰেণীৰ হিন্দুলোকে দিনটো মদ, গৰম মাংস খাই অপৰাধ প্ৰৱণ হৈ পৰিছিল ৷  সেই তেজ থাকি গ'ল মিঞা-মুছলমান কিছুমানৰ গাত ৷ হু ইজ RSS? আৰ এছ এছ মানে ব্ৰাহ্মণ্যবাদ ৷ তেওঁলোকৰ অত্যাচাৰৰ বাবে ধৰ্মান্তৰিত হৈছিল হিন্দু ৷ এতিয়া শিক্ষা-দীক্ষাৰ বাবে কিছু অপৰাধ প্ৰৱণতা হ্ৰাস পাইছে ৷ বামুনৰ অত্যাচাৰো কমিছে আগতকৈ ৷ কিন্তু মুছলমান হোৱা লোকবোৰ উভতি নাযায় ৷ এয়া ধৰ্মীয় বিশ্বাস ৷ RSS-এ দলিতৰ ওপৰত অত্যাচাৰ কমাওক ৷"


সততে বিতৰ্কত থাকি ভালপোৱা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ এয়া নতুন বিতৰ্ক ৷ আগতে এনে কিছু বক্তব্যৰ বাবে জে'ল পৰ্যন্ত যাবলগীয়া হৈছিল শ্বেৰমান আলী ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক আৰু ব্ৰাহ্মণসকলক লক্ষ্য কৰি শ্বেৰমান আলীয়ে কৰা এনে মন্তব্যৰ পিছত হয়তো বিভিন্ন মহলত বিষয়টোক লৈ সৃষ্টি হ'ব প্ৰতিক্ৰিয়াৰ ৷

শেহতীয়া বাতৰি