হঠাতে নাটকীয় মোৰ লৈছে দেশ জোকাৰি যোৱা শ্বীনা বৰা হত্যাকাণ্ডই। ২০১২ চনত সংঘটিত শ্বীনা বৰা হত্যাকাণ্ড ( (Sheena Bora Murder Case) প্ৰসংগত মুখ্য অভিযুক্ত শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী বৰা ওৰফে ইন্দ্ৰাণী মুখাৰ্জীয়ে প্ৰকাশ কৰিছে চাঞ্চল্যকৰ কথা। তেওঁ চিবিআইক শেহতীয়াভাৱে জনাই যে জীয়ৰী শ্বীনা বৰা জীয়াই আছে! আৰু আছে এই দেশতে! মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে চিবিআই (CBI)ক এনে দাবী কৰি এখন বিস্ফোৰক পত্ৰ প্ৰদান কৰে। তেওঁ চিঠিত একপ্ৰকাৰ অভিযোগ কৰি লিখিছে যে যাৰ হত্যাক লৈ তেওঁ কাৰাগাৰত আছে, সেই মানুহজনী (Sheena Bora) প্ৰকৃততে জীয়াই আছে। ইন্দ্ৰাণীৰ মতে, তেওঁ কাশ্মীৰত আছে।
ইন্দ্ৰাণী মুখাৰ্জীয়ে চিবিআই সঞ্চালকলৈ এই পত্ৰ লিখি দাবী কৰিছে যে তেওঁ কেইদিনমান আগতে কাৰাগাৰত এগৰাকী মহিলাক লগ পাইছিল, যিয়ে তেওঁক কৈছিল যে তেওঁ কাশ্মীৰত শ্বীনা বৰাক দেখিছিল। গতিকে ইন্দ্ৰাণীয়ে (Indrani Mukerjea) চিবিআইক কাশ্মীৰলৈ যাবলৈ আৰু শ্বীনাৰ সন্ধান কৰাৰ বাবে অনুৰোধ কৰে। চিবিআই সঞ্চালকলৈ চিঠি লিখাৰ উপৰি তেওঁ বিশেষ চিবিআই আদালতত এইক্ষেত্ৰত আপীলো দাখিল কৰিছে।
পূৰ্বেও দিছিল জীয়াই থকাৰ এটা প্ৰমাণ
অৱশ্যে শ্বীনা বৰা প্ৰসংগত ২০২০ৰ ফেব্ৰুৱাৰীতো ইন্দ্ৰাণী মুখাৰ্জীয়ে চি বি আইৰ এখন বিশেষ আদালতত উল্লেখ কৰিছিল শ্বিনা আৰু ৰাহুল মুখার্জীয়ে ২০১২ চনৰ ছেপ্টেম্বৰলৈকে কথা–বতৰা পাতি আছিল৷ তেওঁ ইয়াৰ প্ৰমাণ ৰূপে কল ৰেকর্ড প্রদান কৰি কয় যে দুয়ো ২০১২ চনৰ ২৭ ছেপ্টেম্বৰলৈকে টেক্সট মেছেজত কথা পাতি আছিল৷ ইন্দ্রাণী মুখার্জীয়ে কয় যে ২০১২ চনত শ্বিনা বৰাৰ হত্যাৰ পিছত তেওঁক গ্রেপ্তাৰ নকৰালৈকে অর্থাৎ ২০১৫ চনলৈকে ১৯বাৰ বিদেশলৈ গৈছিল৷ তেওঁ নিজ কন্যাক হত্যা কৰা হ’লে ভাৰতলৈ উভতিয়েই নাহিলহেঁতেন৷ কিন্তু শেহতীয়া চিঠিয়ে এই হত্যাকাণ্ডক পুনৰ ৰহস্যৰ মাজলৈ ঠেলি দিছে। যদি ইন্দ্ৰাণী মুখাৰ্জীৰ দাবীত কোনো সত্যতা থাকে, তেন্তে শ্বীনা বৰা হত্যাকাণ্ড ভাৰতৰ ইতিহাসৰ আটাইতকৈ চাঞ্চল্যকৰ ঘটনাবোৰৰ ভিতৰত এটা হৈ থাকিব।
কি আছিল এই হত্যাকাণ্ড?
উল্লেখ্য, ২০১২ চনত সমগ্ৰ দেশতে শ্বীনা বৰা হত্যাকাণ্ডই চাঞ্চল্য সৃষ্টি কৰিছিল। ২৪ এপ্ৰিলত ২৫ বছৰীয়া যুৱতী শ্বীনাক এখন গাড়ীত শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। শ্বীনা বৰা ইন্দ্ৰাণী বৰা আৰু তেওঁৰ সংগী সিদ্ধাৰ্থ দাসৰ জীয়ৰী আছিল। প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যাম ৰায়ৰ সহায়ত ইন্দ্ৰাণীয়ে মুম্বাইৰ পৰা অলপ দূৰত থকা ৰায়গড়ৰ নিৰ্জন অৰণ্যত শ্বীনাৰ মৃতদেহ জ্বলাই মাটিত পুতি পেলাইছিল৷
অসমৰ গুৱাহাটীৰ জীয়াৰী ইন্দ্ৰাণীয়ে ২০০২ চনত সঞ্জীৱৰ সৈতে বিচ্ছেদৰ পিছত পিটাৰ মুখাৰ্জীক বিয়া কৰাইছিল। ইন্দ্ৰাণীয়ে প্ৰথমে তেওঁৰ ছোৱালীক পিটাৰৰ (Peter Mukerjea) সৈতে ভগ্নী হিচাপে পৰিচয় কৰাই দিছিল। ২০১৫ চনত ইন্দ্ৰাণীৰ চালক শ্যাম ৰায়ক এটা বেলেগ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত শ্বীনাৰ হত্যাকাণ্ড পোহৰলৈ আহিছিল। ইন্দ্ৰাণীৰ উপৰি শ্বীনা বৰা হত্যাকাণ্ডৰ আন দুজন অভিযুক্ত হৈছে ইন্দ্ৰাণীৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যাম ৰায়। চিবিআয়ে দাবী কৰিছিল যে পিটাৰ আৰু ইন্দ্ৰাণীয়ে শ্বীনা আৰু পিটাৰৰ পূৰ্বৰ পত্নীৰ পুত্ৰ ৰাহুলৰ মাজৰ সম্পৰ্ক গ্ৰহণ কৰিব নোৱাৰে। সেইকাৰণে ইন্দ্ৰাণীয়ে শ্বীনাক হত্যা কৰিছিল। যদিও ইন্দ্ৰাণীয়ে দাবী কৰিছে যে তেওঁৰ ছোৱালী জীয়াই আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|