ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীক ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰকৈ টকা, পিছে কেনেকৈ লাভ কৰিব এই ধনৰাশি? জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া

News18 Assam | News18-Assam
Updated:September 4, 2020, 2:08 PM IST
ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীক ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰকৈ টকা, পিছে কেনেকৈ লাভ কৰিব এই ধনৰাশি? জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া
ৰাজ্য চৰকাৰে আঁচনিৰ অধীনত খৰচ কৰিব ১০০০ কোটি টকা

ৰাজ্য চৰকাৰে আঁচনিৰ অধীনত খৰচ কৰিব ১০০০ কোটি টকা

  • Share this:
ৰাজ্য চৰকাৰে লৈছে বিশেষ আঁচনি। ৰাজ্যৰ প্ৰায় ২ লাখ যুৱক- যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়াব ৰাজ্য চৰকাৰে। স্বয়ম যোজনাৰ অধীনত অহা তিনিমাহৰ বাবে দিব এই বিশেষ সুবিধা। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত খৰচ কৰিব এহাজাৰ কোটি টকা। ১ ছেপ্তেম্বৰৰ আগতে কালেক্টিভ এফৰ্ড আৰম্ভ কৰা সকলে লাভ কৰিব এই ধনৰাশি। প্ৰতি বছৰে অব্যাহত থাকিব আঁচনি। উদ্যোগ আৰম্ভ কৰিবলৈ দিয়া হ’ব এই ধনৰাশি।

আঁচনিৰ অধীনত পাঁচজনীয়া গোট হ’লে আঢ়ৈ লাখ টকাকৈ দিব ৰাজ্য চৰকাৰে।  প্ৰতিজন ব্যক্তিক দিব ৫০ হাজাৰকৈ টকা। আত্মসহায়ক আৰু কৃষি গোটৰ একাউণ্টত সোমাব এই ধনৰাশি। এই টকা চৰকাৰক ঘূৰাই দিব নালাগে।

নিয়ম অনুসৰি-


  • গোটসমূহ ২০২০ৰ ১ ছেপ্টেম্বৰৰ আগতে গঠন হোৱা হ'ব লাগিব ৷ গোটত বিশজনত কৈ বেছি বা পাঁচজনত কৈ কম সদস্য থাকিব নালাগিব ৷

  • আবেদনকাৰী গোটৰ সদস্যসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ৷ সদস্যসকলৰ বয়স ২০২০ৰ এক ছেপ্টেম্বৰৰ ভিতৰত ১৮ বছৰৰ ওপৰত বা চল্লিশ বছৰৰ বেছি হ'ব নোৱাৰিব ৷

  • আবেদনকাৰী গোটৰ ৰাষ্ট্ৰীয় বাণিজ্যিক আৰু ক'পাৰেটিভ বেংকত একাউণ্ট থাকিব লাগিব আৰু একাউণ্টৰ বিৱৰণত গোটটোৰ নাম থাকিব লাগিব ৷


  • হিতাধিকাৰী গোটৰ প্ৰত্যেক সদস্য মেট্ৰিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ৷ অতীতত এই গোটসমূহ বা গোটৰ সদস্যই ব্যক্তিগতভাৱে বা সামূহিকভাৱে ঋণী হ'ব নালাগিব।

  • ১৬ ছেপ্টেম্বৰত ইয়াৰ বাবে এটা পৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে ৷ পৰ্টেলৰ জৰিয়তেই আবেদন কৰিব পাৰিব ৷ জিলা সমূহত কমিটী থাকিব ৷ কমিটীত ৰাজনীতিৰ সৈতে জড়িত লোক নাথাকিব ৷

  • বিত্ত বিভাগে পৰিচালনা কৰিব আঁচনি ৷ আবেদন কৰাৰ পিছত যুৱক-যুৱতী সকলক তিনিদিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব ৷ উদ্যোগ স্থাপন কৰাৰ লগতে কোনো বিভাগত ঠিকাও কৰিব পাৰিব।

  •  প্ৰথম কিস্তিত ত্ৰিশ হাজাৰ, দ্বিতীয়তে বিশ হাজাৰ টকা দিয়া হ'ব। এই আঁচনি প্ৰতি বছৰে চলি থাকিব। স্বাধীনতাৰ পিছত অসমত এয়া বৃহৎ আঁচনি স্ব-নিয়োজনৰ ক্ষেত্ৰত ৷

Published by: Himangshu Bhuyan
First published: September 4, 2020, 2:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading