আকৌ শ্বাৰ্জিল ইমামে ক’লে – ‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব লাগে’, এইবাৰ ক’ত?

News18 Assam | News18-Assam
Updated:February 26, 2020, 5:23 PM IST
আকৌ শ্বাৰ্জিল ইমামে ক’লে – ‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব লাগে’, এইবাৰ ক’ত?
source-google

আৰক্ষীৰ চাইবাৰ এক্সপাৰ্টে ইতিমধ্যে লাভ কৰিছে শ্বাৰ্জিলে দেশৰ বিভিন্ন লোকলৈ পঠিওৱা উৰ্দু ভাষাৰ বাৰ্তা৷ যিসমূহক বৰ্তমান অসমীয়ালৈ অনুবাদ কৰি থকা হৈছে৷

  • Share this:
অসম তথা উত্তৰ–পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ পৰা আঁতৰ কৰাৰ হুংকাৰ দিয়া শ্বাৰ্জিল ইমামৰ কণ্ঠস্বৰৰ নমুনা সংগ্ৰহ কৰা হ’ল। ২৩ জানুৱাৰীত নতুন দিল্লীৰ শ্বাহিনবাগত শ্বাৰ্জিল ইমামে দিয়া ভাষণৰ বাক্যখিনি পুনৰ মাইকৰ আগত ক’বলৈ দিয়া হল শ্বাৰ্জিলক৷ ক্ৰাইম ব্ৰাঞ্চে তাৰ বাবে ফৰেনছিক পৰীক্ষাগাৰলৈ লৈ গৈছিল ভাষণত ব্যৱহাৰ হোৱা ধৰণৰ মাইক৷ যাতে ২৩ জানুৱাৰীত যিধৰণে শ্বাৰ্জিলে ভাষণ দিছিল, সেই একেধৰণে ল’ব পাৰে ভইচ চেম্পল৷ ক্ৰাইম ব্ৰাঞ্চে নিশ্চিত কৰিব বিচাৰিছে যে শ্বাহিনবাগত শ্বাৰ্জিলে দিয়া ভাষণৰ কণ্ঠস্বৰ আৰু আজি সংগ্ৰহ কৰা কণ্ঠস্বৰ একে হয়৷

আৰক্ষীয়ে ইতিমধ্যে শ্বাৰ্জিলৰ পৰা লাভ কৰিছে বহুকেইটা অসম লিংক৷ বিশেষকৈ শ্বাৰ্জিলৰ ঘনিষ্ঠ জেএনইউত পঢ়া দুই অসমৰ যুৱকৰ লগত৷ অকল ইমানেই নহয় শ্বাৰ্জিল ইমামক নতুন দিল্লীত গৈ লগ ধৰা লোকৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে৷ ক্ৰাইম ব্ৰাঞ্চে ইতিমধ্যে বিশেষ শাখাৰ চাইবাৰ ড’মৰ সহায়ত আৰম্ভ কৰিছে ডিজিটেল তদন্ত৷ পৰীক্ষা কৰি থকা হৈছে শ্বাৰ্জিলৰ লেপটপ, ম’বাইল, ছচিয়েল মিডিয়া একাউন্ট৷

আৰক্ষীৰ চাইবাৰ এক্সপাৰ্টে ইতিমধ্যে লাভ কৰিছে শ্বাৰ্জিলে দেশৰ বিভিন্ন লোকলৈ পঠিওৱা উৰ্দু ভাষাৰ বাৰ্তা৷ যিসমূহক বৰ্তমান অসমীয়ালৈ অনুবাদ কৰি থকা হৈছে৷ যিসমূহ বৰ্তমান অনুবাদ কৰা হৈছে তাত পোৱা গৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সকলো মুছলমান একগোট হৈ আন্দোলন কৰাৰ আহ্বান৷

অকল ইমানেই নহয় ক্ৰাইম ব্ৰাঞ্চে মোবাইল কোম্পানীৰ পৰা বিচাৰিছে শ্বাৰ্জিলৰ বিগত এবছৰৰ সকলো কল ডিটেইলছ৷ যাতে নিশ্চিত কৰিব পৰা যায় যে অসমৰ আৰু কাৰ কাৰ লগত সম্পৰ্ক আছে যাৰ কথা শ্বাৰ্জিলে বৰ্তমানেও কোৱা নাই৷
আৰু চাওক
পৰৱৰ্তী বাতৰি