দিল্লী আৰক্ষীৰ বিশেষ কোষে ৰাজধানীলৈ নিয়াৰ দুদিন পূৰ্বে অৰ্থাৎ ২০জুলাইত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কোৰোণাত আক্ৰান্ত হয় শ্বাৰ্জিল ইমাম। ইতিমধ্যে কাৰাগাৰৰ ভিতৰতে শ্বাৰ্জিল ইমামৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইপৰ্যন্ত ৩৪০গৰাকী কয়দী কোভিড ১৯ত আক্ৰান্ত হৈছে।
“শ্বাৰ্জিলৰ স্বাৱ টেষ্ট ১৯জুলাইত সম্পন্ন কৰা হৈছিল। ২০জুলাইত আমি নিশ্চিত হলো যে শ্বাৰ্জিল কোৰোণাত আক্ৰান্ত। বৰ্তমান কাৰাগাৰৰ ভিতৰতে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।” নিশ্চিত কৰে অসম আৰক্ষীৰ কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে।
যোৱা ১৭জুলাইত শ্বাৰ্জিল ইমামক নিবলৈ দিল্লী আৰক্ষীৰ এটা দল গুৱাহাটীত উপস্থিত হয়।
“দিল্লী আৰক্ষীৰ দলটোৱে যোৱা সপ্তাহতে জিম্মা বিচাৰিছিল আৰু মই অৰ্পণ কৰিছিলো কিন্তু তেওঁ তেতিয়া পজিটিভ থকাৰ কথা নিশ্চিত কৰিব পৰা নাছিলো।” কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়।দিল্লীলৈ যোৱাৰ প্ৰাকক্ষণত শ্বাৰ্জিল ইমাম আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ ছয়জনীয়া দলটোৰ স্ক্ৰীনিং টেষ্ট কৰোৱা হয়। আৰক্ষীৰ দলটোৰ আটাইকেইজন নিগেটিভ ওলায় যদিও ছাত্ৰনেতাজন কোৰোণাত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয়।
“COVID প্ৰট’কল মতে, শ্বাৰ্জিল ইমাম এতিয়া কোভিড কেয়াৰ চেণ্টাৰতে থাকিব লাগিব।" তেওঁৰ স্বাস্থ্য বৰ্তমানলৈ ঠিকেই আছে। জনায় দশৰথ দাসে।
JNUৰ গৱেষক ছাত্ৰ নেতাজনে অসমক ভাৰতৰ পৰা কাটি বিচ্ছিন্ন কৰাৰ কু–মন্তব্য কৰাৰ বাবে যোৱা ২০ফেব্ৰুৱাৰীত তেওঁক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনিছিল অসম আৰক্ষীয়ে।
বিহাৰৰ জাহানাবাদত দিল্লী আৰক্ষীয়ে শ্বাৰ্জিলক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীৰ দলক ৰাজধানীত চমজাই দিছিল।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত অসম তথা উত্তৰ পূৱক দেশৰ বাকী অংশৰ পৰা কাটি পেলোৱাৰ আহ্বান জনোৱাৰ পিছতে শ্বাৰ্জিলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। শ্বাৰ্জিলৰ বিতৰ্কিত মন্তব্যৰ ভিডিও ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।
অৰুণাচল প্ৰদেশলৈও শ্বাৰ্জিলক একেই মন্তব্যৰ কাৰণে তৰা গোচৰৰ ভিত্তিত নিয়া হৈছিল। ইয়াৰ পিছৰে পৰা শ্বাৰ্জিল গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰতে আছে।
শ্বাৰ্জিলৰ বিৰুদ্ধে Unlawful Activities (Prevention) Act (UAPA) অধীনত গোচৰ ৰুজু হৈছিল।
জানুৱাৰী মাহৰ ২৫তাৰিখে দিল্লী আৰক্ষীয়ে শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অৰ্থাৎ IPC sections 124 A (sedition) আৰু 153 A (promoting or attempting to promote disharmony or feelings of enmity on grounds of religion, race, place of birth, residence, language, caste or community or any other ground whatsoever) among othersৰ ভিত্তিত এফআইআৰ দাখিল কৰিছিল।
‘কা’ প্ৰতিবাদৰ সময়ত হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত ঘটোৱাৰ কাৰণে ধনৰ লেন–দেনক লৈ তদন্ত কৰা হৈছে। এই প্ৰসংগত দিল্লী আৰক্ষীয়ে প্ৰডাকচন ৱাৰেণ্টৰ আধাৰত শ্বাৰ্জিলক গ্ৰেপ্তাৰ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|