• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰে’লসেৱা ব্যাহত কৰি অসমৰে যোগাযোগ বিচ্ছিন্ন কৰিব দেশৰ! বাম ছাত্ৰনেতা শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে অসম চৰকাৰৰ নিজাববীয়া গোচৰ ৰুজু

ৰে’লসেৱা ব্যাহত কৰি অসমৰে যোগাযোগ বিচ্ছিন্ন কৰিব দেশৰ! বাম ছাত্ৰনেতা শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে অসম চৰকাৰৰ নিজাববীয়া গোচৰ ৰুজু

বাওঁপন্থী নেতা শ্বাৰ্জিল ইমামৰ বিতৰ্কিত মন্তব্যৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া। গোচৰ ৰুজু কৰিব অসম চৰকাৰে

বাওঁপন্থী নেতা শ্বাৰ্জিল ইমামৰ বিতৰ্কিত মন্তব্যৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া। গোচৰ ৰুজু কৰিব অসম চৰকাৰে

বাওঁপন্থী নেতা শ্বাৰ্জিল ইমামৰ বিতৰ্কিত মন্তব্যৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া। গোচৰ ৰুজু কৰিব অসম চৰকাৰে

  • Share this:
বাঁওপন্থী নেতা শ্বাৰ্জিল ইমামৰ ভয়ংকৰ উচতনিমূলক মন্তব্য। উত্তৰ প্ৰদেশত শুকুৰবাৰে ৰাজহুৱাকৈ অসমৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ইমামৰ। শ্বাহীনবাগত শ্বাৰ্জিল ইমাম নামৰ বাওঁপন্থী নেতাজনে সকলো মুছলামনক একত্ৰিত হ’বলৈ কয়।

মুছলামনক উচতনি দি চাৰ্জিল ইমামে কয় যে, ‘অসমত এতিয়া মুছলমান সংকটত। গতিকে ৰে’ল লাইন ব্যাহত কৰি হ’লেও অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি মন্তব্য কৰে। চিৰদিনৰ কাৰণে ন’হলেও দুই তিনিমাহৰ বাবে অসমক দেশৰ ভূ–খণ্ডৰ পৰা বিচ্ছিন্ন কৰিব লাগে, যাতে কেন্দ্ৰীয় চৰকাৰে আমাৰ ওচৰত আঁঠু ল’বলৈ বাধ্য হয়।’

৫ লাখ মুছলমানক হিংসাৰ বাবে উচতনি দি ইমামে মন্তব্য কৰিছে যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে অসমত এতিয়া মুছলমানসকলক উচ্ছেদ কৰা হৈছে। গতিকে অসমক দেশৰ পৰা বিচ্ছিন্ন কৰি শাস্তি দিব লাগে।

শ্বাৰ্জিল ইমামৰ এনে কেতবোৰ উচতনিমূলক মন্তব্যৰ পিছতে ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে, অসম কেতিয়াও ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন নহয়। শ্বাৰ্জিলৰ এই মন্তব্যই দেশদ্ৰোহিতাৰ প্ৰমাণ কৰিছে।  আইন–শৃংখলা বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ মাত্ৰ।’



Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি