অসমলৈ আহি দাস উপাধিৰ কোন ব্যক্তিক লগ ধৰিছিল শ্বাৰ্জিল ইমামে?

News18 Assam | News18-Assam
Updated:February 21, 2020, 4:46 PM IST
অসমলৈ আহি দাস উপাধিৰ কোন ব্যক্তিক লগ ধৰিছিল শ্বাৰ্জিল ইমামে?
মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সোধা–পোছাত পোহৰলৈ আহিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা৷

মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সোধা–পোছাত পোহৰলৈ আহিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা৷

  • Share this:
অসম আৰক্ষীৰ ৪ দিনৰ জিম্মা পোৱাৰ পিছতে শ্বাৰ্জিল ইমামক চলিছে ধাৰাবাহিক জেৰা৷ জেৰাত শ্বাৰ্জিল ইমামে অসম আৰক্ষীক দিছে বহু  তথ্য৷ স্বীকাৰ কৰিছে যে শ্বাৰ্জিল ইমাম অসমলৈ কেইবাবাৰো আহিছিল৷ অসমত লগ ধৰিছিল কেইবাজনো লোকক৷ বিশেষকৈ ২০১৬ চনত অসমলৈ আহি লগ ধৰিছিল দাস উপাধিৰ এজন লোকক৷ মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সোধা–পোছাত পোহৰলৈ আহিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা৷

বিশেষকৈ আৰক্ষীয়ে শ্বাৰ্জিলৰ পৰা জানিব বিছাৰিছে যে অসম আৰু উত্তৰ–পূবক দ্বিখণ্ডিত কৰিব বুলি ২৩ জানুৱাৰীত যি মন্তব্য কৰিছিল সেই মন্তব্য কি ভিত্তিত কৰিছিল। সঁচাকৈ ৫ লাখ লোক আছে নেকি শ্বাৰ্জিল ইমামৰ সৈতে৷ চাৰিদিনৰ জিম্মাৰ সময়ত অকল ক্ৰাইম ব্ৰাঞ্চেই নহয়, সোধা–পোছা কৰিছে মহানগৰ আৰক্ষীৰ Security & intelligance শাখাৰ বিষয়ায়ো৷

Security & intelligance শাখাৰ বিষয়াই শ্বাৰ্জিলৰ পৰা জানিব বিছাৰিছে, কোনো মৌলবাদী সংগঠনৰ লগত জড়িত আছে নেকি বা কোনো মৌলবাদী সংগঠনে কোনোধৰণৰ কূটাঘাতৰ পৰিকল্পানা কৰিছে নেকি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পিছত৷ শ্বাৰ্জিলক বৃহস্পতিবাৰৰ নিশাৰ পৰাই ধাৰাবাহিকভাৱে শীৰ্ষ আৰক্ষী বিষয়াৰ তত্বৱধানত চলাই থকা হৈছে জেৰা৷

মহানগৰ আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ মতে, ‘বৰ্তমানলৈকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াই সঠিক দিশত চলাই আছে জেৰা৷ বিশেষকৈ আমি জানিব বিছাৰিছো শ্বাৰ্জিলে কি ভিত্তিত কৰিছিল প্ৰৰোচনামূলক মন্তব্য৷ ৪ দিনৰ জিম্মা অন্ত পৰাৰ পিছতো যদি প্ৰয়োজন হয় আৰু অধিক দিনৰ জিম্মা বিচাৰি আদালতত আবেদন কৰিম৷’

আইআইটিৰ পৰা M.Tech তথা বৰ্তমান JNUত Ph.d কৰি থকা শ্বাৰ্জিলে অসমত কিয় আহিছিল বা আৰু কাক কাক লগ ধৰিছিল সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব৷ আনহাতে অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়াই সোধা–পোছা কৰিব শ্বাৰ্জিলক৷ প্ৰয়োজনত যুটীয়াভাৱে দল গঠন কৰি জেৰা কৰা হ’ব শ্বাৰ্জিল ইমামক৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading