
অৱশেষত গুৱাহাটীলৈ অনা হ’ল শ্বাৰ্জিল ইমামক
অৱশেষত গুৱাহাটীলৈ অনা হ’ল শ্বাৰ্জিল ইমামক
অৱশেষত গুৱাহাটীলৈ অনা হ’ল শ্বাৰ্জিল ইমামক। অসম আৰক্ষীৰ জিম্মাত ‘দেশদ্ৰোহী’ শ্বাৰ্জিল। ‘ব্ৰহ্মপুত্ৰ মেইল’যোগে শ্বাৰ্জিলক অনা হৈছে অসমলৈ। গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে MMCHলৈ নিয়া হৈছিল ইমামক। তাৰ পিছতে কামৰূপ দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুুংকৰা দিয়া বাওঁপন্থী নেতাজনক।
অসম আৰক্ষীৰ অপৰাধ শাখাই সোধা–পোছা কৰিব শ্বাৰ্জিলক। উল্লেখযোগ্য যে,
গুৱাহাটীত শ্বাৰ্জিল ইমাম উপস্থিত হোৱাৰ পিছতে ষ্টেচনত ABVPৰ প্ৰতিবাদ। আনকি
একাংশই শ্বাৰ্জিলক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|