বদৰুদ্দিন আজমলৰ সৈতেও সম্পৰ্ক! আজমলৰে JNUৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমামৰ মিতিৰালিক লৈ বিজেপিৰ প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:February 24, 2020, 4:06 PM IST
বদৰুদ্দিন আজমলৰ সৈতেও সম্পৰ্ক! আজমলৰে JNUৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমামৰ মিতিৰালিক লৈ বিজেপিৰ প্ৰতিক্ৰিয়া
source-google

‘কা’ আন্দোলনৰ সময়ত আজমলৰ সৈতে শ্বৰ্জিলে কিয় বহিছিল বৈঠকত?

  • Share this:
মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে চাৰিদিন ধৰি শ্বাৰ্জিল ইমামক চলোৱা ধাৰাবাহিক জেৰা পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য ৷ ‘কা’ আন্দোলনৰ সময়ত শ্বাৰ্জিল ইমামে নতুন দিল্লীত বৈঠকত মিলিত হৈছিল ৰ AIUDFৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ সৈতে!

AIUDF-এ যেতিয়া নতুন দিল্লীৰ যন্তৰ–মন্তৰত ‘কা’ ৰ বিৰুদ্ধে প্ৰতিবাদী কায্যসূচী লৈছিল সেই সময়চোৱাতে শ্বাৰ্জিল ইমামৰ নেতৃত্বত JNUৰ এটা দলে আজমল আৰু আন কেইবাজনো AIUDFৰ নেতাৰ সৈতে বৈঠকত মিলিত হৈছিল ৷ ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত শ্বাৰ্জিলে নাম লৈছে আন কেইবাজনো লোকৰ ৷ শ্বাৰ্জিলে নাম লৈছে সাংবাদিক, বুদ্ধিজীৱী তথা জেএনইউত অধ্যয়নৰত অসমৰ ছাত্ৰৰ ৷ আৰক্ষীৰ জেৰাত বদৰুদ্দিন আজমলৰ সৈতে বৈঠকত মিলিত হোৱা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷

" শ্বাৰ্জিল ইমামে  অসমক ভাৰতৰ পৰা বিছিন্ন কৰাৰ মন্তব্য দিছিল গতিকে সেই সন্দৰ্ভত যি সকল লোকৰ নাম পোহৰলৈ আহিছে সেই সকলৰ বিৰুদ্ধে তদন্ত হব লাগে ৷ "

আনহাতে শ্বাৰ্জিল ইমামৰ বদৰুদ্দিন আজমলৰ সৈতে থকা সম্পৰ্কৰ তথ্য পোহৰলৈ অহাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ডঃ শর্মাই কয়,

"আজমলৰ সৈতে যে শ্বাৰ্জিলৰ সম্পৰ্ক আছিল সেয়া আমি আগতেই সন্দেহ কৰিছিলো।সেই সন্দেহ এতিয়া প্ৰমাণ হোৱাৰ পথত। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে আমাক জনোৱা নাই। বিষয়টোত চৰকাৰে তদন্ত কৰিব। শ্বাৰ্জিল নামৰ দুৰ্বৃত্তটো আগতে অসমলৈ অহাতো সঁচা। চৰ অঞ্চলত আহি আছিলহি শ্বাৰ্জিল। আজমলৰ সৈতেই নহয় অসমৰ  সাংবাদিক, বুদ্ধিজীৱীৰ সৈতে ঘনিষ্ঠতা আছিল শ্বাৰ্জিল ইমামৰ।"

শ্বাৰ্জিল ইমামে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পিছত দেশৰ মুছলমান সকলে কি কৰিব তাৰ ওপৰতহে আলোচনাত মিলিত হৈছিল আজমলৰ সৈতে ৷ ক্ৰাইম ব্ৰাঞ্চে পুনৰ চাৰি দিনৰ জিম্মা লৈছে শ্বাৰ্জিলৰ ৷ যাতে অসমত শ্বাৰ্জিলৰ আৰু কোনো কোন  ৰাজনীতিবিদ, সাংবাদিক, বুদ্ধিজীৱিৰ সৈতে সম্পৰ্ক আছে সেই তথ্য সংগ্ৰহ কৰিব পাৰে আৰক্ষীয়ে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি