• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰেশ বৰুৱাই খেলা গুৱাহাটীৰ ক্লাবটোৱে আকৌ ওভতাই পাইছে গৌৰৱোজ্জ্বল দিনবোৰ

পৰেশ বৰুৱাই খেলা গুৱাহাটীৰ ক্লাবটোৱে আকৌ ওভতাই পাইছে গৌৰৱোজ্জ্বল দিনবোৰ

শান্তিপুৰ এথলেটিকছ ক্লাবে বিজনীত অনুষ্ঠিত আমন্ত্ৰণীমূলক ৰাজ্যিক টি-২০ত চেম্পিয়ন খিতাপ অৰ্জন কৰে।

শান্তিপুৰ এথলেটিকছ ক্লাবে বিজনীত অনুষ্ঠিত আমন্ত্ৰণীমূলক ৰাজ্যিক টি-২০ত চেম্পিয়ন খিতাপ অৰ্জন কৰে।

শান্তিপুৰ এথলেটিকছ ক্লাবে বিজনীত অনুষ্ঠিত আমন্ত্ৰণীমূলক ৰাজ্যিক টি-২০ত চেম্পিয়ন খিতাপ অৰ্জন কৰে।

  • Share this:
গুৱাহাটীৰ ঐতিহ্যমণ্ডিত ক্লাবসমূহৰ ভিতৰত অন্যতম হল শান্তিপুৰ এথলেটিকছ ক্লাব। সত্তৰৰ দশকত এই শান্তিপুৰ এথলেটিকছ ক্লাবটোৰ হৈ প্ৰধানত ফুটবল আৰু সময় পালে ক্ৰিকেট খেলিছিল বৰ্তমানৰ সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। শান্তিপুৰ এথলেটিকছ ক্লাবৰ জাৰ্ছীৰে তেতিয়াই বৰদলৈ ট্ৰফী, স্বাধীনতা কাপ, এটিপিএ শ্বীল্ডত দুৰ্দান্ত গলকিপিং কৰিছিল পৰেশ বৰুৱাই।

সেই শান্তিপুৰ এথলেটিকছ ক্লাবৰ ক্ৰীড়া প্ৰদৰ্শন বিগত দিনত কিছু নিম্নগামী হৈছিল যদিও শেহতীয়াকৈ ২০২১ চনত গুৱাহাটীৰ শান্তিপুৰ এথলেটিকছ ক্লাবলৈ ক্ৰিকেটৰ জৰিয়তে আহে ভাল খবৰটো। শান্তিপুৰ এথলেটিকছ ক্লাবে বিজনীত অনুষ্ঠিত আমন্ত্ৰণীমূলক ৰাজ্যিক টি-২০ত চেম্পিয়ন খিতাপ অৰ্জন কৰে। শান্তিপুৰ এথলেটিকছ ক্লাবে বিজনী যুৱক সংঘক চাৰি উইকেটত পৰাস্ত কৰে। বিজয়ী খেলুৱৈসকলক অভিনন্দন জনাইছে শান্তিপুৰ এথলেটিকছ ক্লাবৰ সভাপতি প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দীপক দাসে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি