গাহৰি ফাৰ্ম খোলাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ!

গাহৰি আৰু ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ’ল এটা পৰিয়াল। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথত।

news18assam
Updated:May 16, 2019, 11:03 AM IST
গাহৰি ফাৰ্ম খোলাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ!
গাহৰি আৰু ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ’ল এটা পৰিয়াল। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথত।
news18assam
Updated: May 16, 2019, 11:03 AM IST
গাহৰি আৰু ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ’ল এটা পৰিয়াল। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথত। শংকৰ সংঘৰ আফৰাখাট প্ৰাথমিক শাখাই বহিষ্কাৰ কৰিলে বলেন্দ নাথ নামৰ লোকজনক।

এই বিষয়ে ছচিয়েল মিডিয়াত দুখ প্ৰকাশ কৰিছে ইন্দ্ৰজিত নাথ নামৰ লোকজনে। ইন্দ্ৰজিত নাথে লিখিছে – ‘গাহৰি ফাৰ্মখন খুলিলো বাবে শংকৰদেৱে দায় ধৰিলে... আমাৰ পৰিয়ালটোক ঘাটে–পানীয়ে নিষেধ কৰিলে... বাঃ কি নিয়ম সমাজৰ? গাহৰি পুহিছো, চুৰি–ডকাইতি কৰা নাই। শংকৰদেৱে ইমান নীচ–ঠেক মানসিকতা দিছিল নে অসমীয়াক নে সংঘক দিছিল?’



শংকৰ–আজানৰ দেশত একাংশ লোকৰ এনেধৰণৰ মানসিকতা কিমান গ্ৰহণযোগ্য সেয়া ৰাইজে বিচাৰ কৰিব। সমাজখনক একতাৰ দোলেৰে বান্ধি বৰ অসমৰ ভেটি গঢ়িছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। মহাপুৰুষজনাই কেতিয়াও সমাজখনক ভাগ ভাগ কৰাৰ কথা কোৱা নাছিল। কিন্তু শংকৰদেৱৰ শৰণাপন্ন একাংশ লোকৰ এনেধৰণৰ কাৰ্যই সমাজখনৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিব।

আৰু চাওক পৰৱৰ্তী বাতৰি