• Home
  • »
  • News
  • »
  • assam
  • »
  • Govt Hospital: এখন চিকিৎসালয়ৰ সমুখত শনি পূজা, আদৰ্শ চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত শনি পূজা কিয়?

Govt Hospital: এখন চিকিৎসালয়ৰ সমুখত শনি পূজা, আদৰ্শ চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত শনি পূজা কিয়?

Govt Hospital: এখন চিকিৎসালয়ৰ সমুখত শনি পূজা, আদৰ্শ চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত শনি পূজা কিয়?পলাশবাৰী সমষ্টিৰ জীয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰত কিয় ৰাজহুৱা শনি পূজা। 

  • Share this:
পলাশবাৰী বিধান সভা সমষ্টিৰ জীয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয় (Model Hospital)ৰ মূল প্ৰৱেশদ্বাৰৰ সমুখত আয়োজন কৰা হৈছে শনি পূজা (Shani Puja)ৰ চিকিৎসালয়খন। আধাৰশিলা স্থাপনৰ পিছত নিৰ্মাণ নোহোৱাকৈয়ে বছৰ বছৰ ধৰি পৰি আছিল। অৱশেষত এইখন চিকিৎসালয়ৰ গৃহসমূহ কোনোমতে নিৰ্মাণ কৰা হ'ল। কিন্তু আজিকোপতি ৰাইজে লাভ কৰা নাই চিকিৎসা সেৱা (No Medical Service)।

আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল সদৃশ হৈ পৰিছে চিকিৎসালয়খন। ৰাইজে বাৰাম্বাৰ আবেদন নিবেদন কৰিও লাভ কৰা নাই চিকিৎসাসেৱা। উপায়ন্তৰ হৈ এইদৰেই দিনযোৰা কাৰ্যসূচীৰে শনি পূজাৰ আয়োজন কৰি এইদৰেই সাব্যস্ত কৰিলে প্ৰতিবাদ।

পলাশবাৰী (Palashbari) সমষ্টিৰ জিয়াকুৰবাসীৰ বাবে চিকিৎসা সেৱাৰ নামত অত বছৰে হৈ থাকিল কেৱল ভেঁকোভাওনা। এতিয়া বগা হাতীত পৰিণত হৈছে জীয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়। ৰজাঘৰীয়াৰ সুমতি কামনা কৰিলে ৰাইজে। জানোচা কেনেবাকে চিকিৎসা সেৱা লাভ কৰেই।
Published by:Manjumoni Borah
First published: