
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অতি চিন্তনীয় বিষয়, মই একমত- ইয়াৰ আঁৰত কোন আছে জনাটো দৰকাৰী।"
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অতি চিন্তনীয় বিষয়, মই একমত- ইয়াৰ আঁৰত কোন আছে জনাটো দৰকাৰী।"
অসম-মিজোৰামৰ সীমা বিবাদে (Assam-Mizoram Border Conflict) ৰক্তাক্ত ৰূপ লোৱাৰ পিছতে এই সংঘাতক লৈ বিভিন্ন মহলত হৈছে বিভিন্ন চৰ্চা। দুই পক্ষৰ মাজত বিষয়টো মীমাংসাৰ বাবে কেন্দ্ৰইও হস্তক্ষেপ কৰিছে। এনে সময়তে ছচিয়েল মিডিয়াত সক্ৰিয় হৈছে অসম বিৰোধী চক্ৰ। টুইটাৰত অসমৰ বিৰুদ্ধে চলিছে এক বিশেষ কেম্পেইন। 'হেছটেগ ছেম অন আছাম' ট্ৰেণ্ডিং কৰোৱা হৈছে টুইটাৰত। বিক্ৰান্ত কুমাৰ নামৰ এজন লোকে এই হেছটেগ কেম্পেইনটো ফাদিল কৰি কিছু তথ্যসহ ৰিটুইট কৰাৰ পিছতে ঘটনাটোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অতি চিন্তনীয় বিষয়, মই একমত- ইয়াৰ আঁৰত কোন আছে জনাটো দৰকাৰী।"
বিক্ৰান্ত কুমাৰে লিখা মতে হেছটেগ ট্ৰেণ্ডিং কৰা অধিক সংখ্যক টুইটাৰ হেণ্ডলাৰ হৈছে আমেৰিকাৰ। ইয়াৰ আঁৰত কাৰ কি উদ্দেশ্য আছে সেয়া স্পষ্ট নহয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|