• Home
  • »
  • News
  • »
  • assam
  • »
  • Pathaan : ধুবুৰীত ‘পাঠান’ চাবলৈ অহা শ্বাহৰুখপ্ৰেমীয়ে কাটিলে কেক, কিং খানৰ পোষ্টাৰলৈ ছটিয়ালে ফুল

Pathaan : ধুবুৰীত ‘পাঠান’ চাবলৈ অহা শ্বাহৰুখপ্ৰেমীয়ে কাটিলে কেক, কিং খানৰ পোষ্টাৰলৈ ছটিয়ালে ফুল

উল্লেখযোগ্য যে জিলা প্ৰশাসনে পুৱাৰ পৰাই চিনেমা হ'লটোৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছিল।

  • Share this:
আজি মুক্তিলাভ কৰিছে শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখন। ধুবুৰীৰ বিষ্ণু টকিজত চিনেমা হলৰ সন্মুখত পাঠান চাবলৈ দৰ্শকৰ ভিৰ। পুৱাৰ পৰাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন চিনেমা প্ৰেমীয়ে ভিৰ কৰা দেখা গৈছে।

ধুবুৰীত চিনেমা হলৰ সন্মুখত অনুৰাগীৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। হলৰ সন্মুখত কেক কাটি ‘পাঠান’ চাবলৈ সোমাল ধুবুৰীৰ Shahrukh khan Universe Fan Clubৰ সদস্যসকল।

আনহতে, তেওঁলোকৰ প্ৰিয় নায়ক কিং খানৰ পোষ্টাৰত ফুল ছটিওৱাও দেখা গ'ল। মুঠৰ ওপৰত কেতিয়াও দেখা নোপোৱা দৃশ্য আজি ‘পাঠান’ চিনেমাৰ বাবে দেখা গ'ল ধুবুৰী বিষ্ণু টকিজত।

উল্লেখযোগ্য যে জিলা প্ৰশাসনে পুৱাৰ পৰাই চিনেমা হ'লটোৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছিল।

আনহাতে, বহুতেই চিনেমাৰ টিকট কাটিব নোৱাৰি হতাশ হৈ উভতি যোৱাও দেখা গ'ল। ‘পাঠান’ চাবলৈ পুৱাৰে পৰা শাৰী পাতি দৰ্শকে টিকট কটাৰ লগতে চাৰি বছৰৰ পিছত শাহাৰুখ খানৰ চিনেমা চাবলৈ অতি উৎসাহিত দেখা গ'ল।

ইপিনে চিনেমা হল কৰ্তৃপক্ষই ৰাইজৰ এনে সঁহাৰিৰ লগতে প্ৰশাসনে যি নিৰাপত্তাৰ ব্যৱস্থা কৰিলে তাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। ধুবুৰীৰ বিষ্ণু টকিজ চিনেমা হলত ‘পাঠান’ৰ প্ৰথম দৰ্শনী উপোভোগ কৰি বাহিৰলৈ ওলাই আহি চিনেমাখনৰ ভূয়সী প্ৰসংশা কৰে দৰ্শকসকলে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি