• Home
  • »
  • News
  • »
  • assam
  • »
  • Shah Rukh Khan calls CM : শ্বাহৰুখ খান কোন? দুপৰ নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন বলীউডৰ বাদশ্বাহৰ

Shah Rukh Khan calls CM : শ্বাহৰুখ খান কোন? দুপৰ নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন বলীউডৰ বাদশ্বাহৰ

শ্বাহৰুখ খানৰ শেহতীয়া ছবি পাঠান ২৫ জানুৱাৰীত মুক্তি পাব।

শ্বাহৰুখ খানৰ শেহতীয়া ছবি পাঠান ২৫ জানুৱাৰীত মুক্তি পাব।

শ্বাহৰুখ খানৰ শেহতীয়া ছবি পাঠান ২৫ জানুৱাৰীত মুক্তি পাব।

  • Share this:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত শ্বাহৰুখ খান কোন বুলি প্ৰশ্ন কৰিছিল। আৰু কালি দুপৰ নিশা প্ৰায় ২ বজাত শ্বাহৰুখ খানে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰে। এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে।


উল্লেখ্য, পাঠান চলচ্চিত্ৰৰ মুক্তিৰ পূৰ্বে গুৱাহাটীৰ নাৰেংগীত বজৰং দলে পোষ্টাৰ ফালি প্ৰতিবাদ কৰাৰ পিছত নিৰাপত্তাজনিত বিষয়ক লৈ মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখ খান কোন বুলি প্ৰশ্ন কৰিছিল। তেওঁ লগতে কৈছিল যে বিষয়টো থানাত অৱগত কৰিলে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু অভিনেতা শ্বাহৰুখ খানে এই বিষয়ে মোক একো জনোৱা নাই। এনে পৰিপ্ৰেক্ষিততে হয়তো বলীউড বাদশ্বাহ শ্বাহৰুখ খানে মুখ্যমন্ত্ৰীক নিশা প্ৰায় ২ বজাত ফোন কৰে।


মুখ্যমন্ত্ৰীয়ে এই বিষয়ে জানিবলৈ দি কয়- ''বলীউডৰ অভিনেতা শ্বাহৰুখ খানে মোক ফোন কৰে আৰু আমি আজি পুৱা ২ বজাত কথা পাতোঁ। তেওঁৰ ছবিখন প্ৰদৰ্শনক লৈ হোৱা গুৱাহাটীৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে। মই তেওঁক আশ্বস্ত কৰোঁ যে আইন আৰু শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য। আমি সোধা-পোছা কৰিম আৰু নিশ্চিত কৰিম যে এনে কোনো অশুভ কাণ্ড যাতে নহয়৷''





উল্লেখ্য, শ্বাহৰুখ খানৰ শেহতীয়া ছবি পাঠান ২৫ জানুৱাৰীত মুক্তি পাব। এই ছবিখনক লৈ হিন্দুত্ববাদী সংগঠনে বিৰাগ প্ৰকাশ কৰা প্ৰত্যক্ষ কৰা গৈছে। গুৱাহাটীতো বজৰং দলে চলচ্চিত্ৰখনক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি