'মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ চলিছে। অন্যায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ বাবেই একাংশই মোক লৈ এই ষড়যন্ত্ৰ কৰিছে।' -এই মন্তব্য পদ্মশ্ৰী ড° উদ্ধৱ কুমাৰ ভৰালীৰ৷
এগৰাকী অনাথ কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বৃহস্পতিবাৰে এনেদৰে কয় বিশিষ্ট উদ্ভাৱকগৰাকীয়ে৷ ইফালে ন্যায়ৰ যুঁজত জয়ী হ'লেই অসম এৰি গুচি যাব বুলিও মন্তব্য কৰে বিশিষ্ট উদ্ভাৱকগৰাকীয়ে।
উল্লেখ্য যে, লখিমপুৰ শিশু গৃহৰ পৰা এগৰাকী কিশোৰীক তুলনীয়া জী হিচাপে তুলি লৈছিল উদ্বৱ ভৰালীয়ে। কিন্তু দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীৰ যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হয় ভৰালীৰ বিৰুদ্ধে। আনকি ১৭ ডিচেম্বৰত ড০ ভৰালীৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ। ২৮ ডিচেম্বৰত উদ্ধৱ ভৰালীয়ে গোচৰ সন্দৰ্ভত অন্তৱৰ্তীকালিন জামিন লৈছিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 06, 2022, 17:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।