হাজোত লম্পট বৃদ্ধৰ কাণ্ড! অকলশৰে পাই ১১ বছৰীয়া সম্পৰ্কীয় নাতিনীৰ গাত দিলে হাত

কিশোৰীজনীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে হাজো আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰত্নেশ্বৰক।
কিশোৰীজনীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে হাজো আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰত্নেশ্বৰক।
- News18 Assam
- Last Updated: June 23, 2020, 1:55 PM IST
দেওবাৰে সন্ধিয়া সিদিখানত থকা ৰত্নেশ্বৰ দাস নামৰ লোকজনৰ দোকানলৈ সামগ্ৰী ক্ৰয় কৰাৰ বাবে গৈছিল সমীপৱৰ্তী এঘৰৰ কিশোৰীজনী। সেই সময়ত দোকানত কোনো গ্ৰাহক নথকাৰ সুযোগ লৈ কিশোৰীজনীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰত্নেশ্বৰ দাসৰ বিৰুদ্ধে। কিশোৰীজনীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে হাজো আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰত্নেশ্বৰক।

ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ 376/511 ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে হাজো আৰক্ষীয়ে। কিশোৰীৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱা অভিযুক্ত ৰত্নেশ্বৰ দাসক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।