মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁৱত লজ্জাজনক ঘটনা, তিনি মোমায়েকৰ কামনাৰ বলি ১৪ বছৰীয়া কিশোৰী, অন্তঃসত্ত্বা কিশোৰীৰ মাতৃৰ এজাহাৰ দাখিল

নগাঁৱত লজ্জাজনক ঘটনা, তিনি মোমায়েকৰ কামনাৰ বলি ১৪ বছৰীয়া কিশোৰী, অন্তঃসত্ত্বা কিশোৰীৰ মাতৃৰ এজাহাৰ দাখিল

নাবালিকা কিশোৰীগৰাকীয়ে মোমায়েকৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিল। ইয়াৰে সুবিধা লৈ তিনি মোমায়েকে বহুদিনৰ পৰা কিশোৰীগৰাকীক যৌন উৎপীড়ন চলাই আহিছিল।

নাবালিকা কিশোৰীগৰাকীয়ে মোমায়েকৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিল। ইয়াৰে সুবিধা লৈ তিনি মোমায়েকে বহুদিনৰ পৰা কিশোৰীগৰাকীক যৌন উৎপীড়ন চলাই আহিছিল।

  • Share this:
এইখন অসমতে পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। তিনি মোমায়েকৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী। এই জঘন্য ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গোঁসাইবড়ীত। জাজৰিৰ গোঁসাইবড়ীত তিনি পাষাণ মোমায়েকৰ কামনাৰ বলি হ'ল ১৪ বছৰীয়া ভাগিনীয়েক।

জানিব পৰা মতে, নাবালিকা কিশোৰীগৰাকীয়ে মোমায়েকৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিল। ইয়াৰে সুবিধা লৈ তিনি মোমায়েকে বহুদিনৰ পৰা কিশোৰীগৰাকীক যৌন উৎপীড়ন চলাই আহিছিল। যাৰফলত অন্তঃসত্বা হ’ল কিশোৰীগৰাকী। এই অভিযোগ কিশোৰীগৰাকীৰ মাতৃৰ।

ইতিমধ্যে কিশোৰীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত জাজৰি আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্ত মোমায়েকক। আনহাতে, পলাতক হৈ আছে আন এজন। মানৱতাক ভূলণ্ঠিত কৰা এই ঘটনাই বৰ্তমান সমগ্ৰ জাজৰি, গোসাঁইবড়ী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শেহতীয়া বাতৰি