মুখ্যপৃষ্ঠা »খবৰ »অসম »ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত যৌন নিৰ্যাতনৰ ঘটনা

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত যৌন নিৰ্যাতনৰ ঘটনা

 বিচাৰাধীন কয়দীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আন এজন কয়দীৰ।

বিচাৰাধীন কয়দীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আন এজন কয়দীৰ।

বিচাৰাধীন কয়দীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আন এজন কয়দীৰ।

  • Share this:
    ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ দৰে জঘন্য ঘটনা। বিচাৰাধীন কয়দীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আন এজন কয়দীৰ। ঘটনাক লৈ ভুক্তভোগী কয়দীৰ অধিবক্তাই ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু কৰিলে গোচৰ।

    হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ভৱানী গগৈ নামৰ এজন কয়দীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ আনিছে মাৰপিটৰ গোচৰত বিচাৰাধীন হৈ কাৰাগাৰত থকা ২০ বছৰীয়া এজন কয়দীয়ে। কাৰাগাৰৰ ভিতৰৰ ৭ নং ৱাৰ্ডৰ ভিতৰত যুৱকজনক ভৱানী গগৈয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। যুৱকজনে এই বিষয়ে জে'ল অধীক্ষকক অৱগত কৰিছিল যদিও কোনো সুফল পোৱা নাছিল। যাৰ বাবে যুৱকজনৰ অধিবক্তা প্ৰাঞ্জল কোঁৱৰৰ যোগেদি ডিব্ৰুগড় সদৰ থানাত পৰিয়ালে ৰুজু কৰিছে গোচৰ।

    শেহতীয়া বাতৰি