ভণ্ড তান্ত্ৰিকৰ হাতত BTC শাসনৰ বাঘজৰী! জৰা-ফুকা কৰাৰ নামত এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ

ভণ্ড তান্ত্ৰিকৰ হাতত সদ্য ঘোষিত BTC শাসনৰ বাঘজৰী! নাৰী কেলেংকাৰীত অভিযুক্ত BTCৰ GSP দলৰ নতুন পাৰিষদৰ ঘনশ্যাম দাস।
ভণ্ড তান্ত্ৰিকৰ হাতত সদ্য ঘোষিত BTC শাসনৰ বাঘজৰী! নাৰী কেলেংকাৰীত অভিযুক্ত BTCৰ GSP দলৰ নতুন পাৰিষদৰ ঘনশ্যাম দাস।
- News18 Assam
- Last Updated: December 16, 2020, 5:15 PM IST
এই ঘটনাটো সংঘটিত হৈছিল ২০১৯ চনৰ এপ্ৰিল মাহত। মহানগৰীৰ এগৰাকী ১৬ বছৰীয়া যুৱতীক নেদেখা শত্ৰুৱে আক্ৰমণ কৰা বুলি বিষ্ণুনগৰৰ ঘনশ্যাম দাস নামৰ বাবা এজনৰ চেম্বাৰলৈ অনা হৈছিল। স্বাস্থ্য পৰীক্ষা কৰি ঘনশ্যাম দাসে যুৱতী গৰাকীৰ দেহত ‘নেদেখা শক্তি’য়ে আশ্ৰয় লৈছে বুলি কোৱাৰ লগতে জৰা-ফুকা কৰিব লাগিব বুলি পৰামৰ্শ দিছিল।
ইয়াৰ পিছতেই ঘনশ্যাম দাসে জৰা ফুকা কৰাৰ নামত এটা বন্ধ কোঠাৰ ভিতৰত যুৱতী গৰাকীক উলংগ কৰি কেইবাবাৰো বলাত্কাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছিল।
পিছত যুৱতীগৰাকীয়ে সমস্ত ঘটনাৰ কথা পৰিয়ালৰ লোকক জানিবলৈ দিছিল। আৰু যুৱতীগৰাকীৰ পৰিয়ালে সাতগাওঁ থানাত ঘনশ্যামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২০১৯ চনৰ ২৫ এপ্ৰিলত পাঠৰকুৱাৰীৰ বিষ্ণুনগৰৰ চেম্বাৰৰ পৰা ভণ্ডবাবা ঘনশ্যাম দাসক গ্ৰেপ্তাৰ কৰিছিল।