NRCত নাম অন্তৰ্ভুক্ত নহ’ল শিলচৰৰ নিষিদ্ধপল্লীৰ যৌনকৰ্মীসকলৰ

এই যৌনকৰ্মীসকল ভাৰতীয় হ’লেও তেওঁলোকৰ অধিকাংশৰ ভোটাৰ তালিকাত নাম নাই, নাই তেনে কোনো বৈধ পৰিচয় পত্ৰও।

News18-Assam
Updated:September 18, 2019, 11:35 AM IST
NRCত নাম অন্তৰ্ভুক্ত নহ’ল শিলচৰৰ নিষিদ্ধপল্লীৰ যৌনকৰ্মীসকলৰ
এই যৌনকৰ্মীসকল ভাৰতীয় হ’লেও তেওঁলোকৰ অধিকাংশৰ ভোটাৰ তালিকাত নাম নাই, নাই তেনে কোনো বৈধ পৰিচয় পত্ৰও।
News18-Assam
Updated: September 18, 2019, 11:35 AM IST
শিলচৰৰ মাজমজিয়াত থকা নিষিদ্ধপল্লীৰ কেইবাশ যুৱতী–মহিলাৰ নাম অন্তৰ্ভুক্ত নহ’ল NRCত। NRCৰ বাবে আবেদন দাখিল কৰিব পৰা নাই যৌনকৰ্মীসকলে। যৌনকৰ্মীসকলে জনোৱা অনুসৰি, এই বৃত্তিত জড়িত হোৱা বাবে পৰিয়ালে তেওঁলোকক সামাজিকভাৱে গ্ৰহণ নকৰে, পৰিয়ালৰ সদস্য হিচাপে মৰ্যাদা নিদিয়ে। লিগেচী বা আন বৈধ নথিৰ ক্ষেত্ৰত পৰিয়ালে সহায় নকৰাৰ বাবেই যৌনকৰ্মীসকলে NRCৰ বাবে আবেদন কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে অধিবক্তা তুহিনা শৰ্মাই।

এই যৌনকৰ্মীসকল ভাৰতীয় হ’লেও তেওঁলোকৰ অধিকাংশৰ ভোটাৰ তালিকাত নাম নাই, নাই তেনে কোনো বৈধ পৰিচয় পত্ৰও। এই তথ্য সদৰি কৰি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁলোকৰ মাজৰ বহুতে পিছত অন্য নথি–পত্ৰৰ ভিত্তিত আবেদন দাখিল কৰিছিল যদিও সকলোৰে নাম বাতিল হ’ল। তেওঁলোক এতিয়া বিদেশী ন্যায়াধিকৰণলৈ যাব নোৱাৰে, আবেদনো দাখিল কৰিব নোৱাৰে বুলি জনাই এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অধিবক্তাগৰাকীয়ে।

এয়াও পঢ়ক :  স্বামীক অচেতন কৰি আন পুৰুষৰ সৈতে বেডৰুমত পত্নী, হঠাৎ চেতনা ঘূৰি আহিল স্বামীৰ, তাৰ পিছত...

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি