• Home
  • »
  • News
  • »
  • assam
  • »
  • যুৱতীৰ সৈতে পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সোমাল ৰঙাঘৰত, আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিলে বহু কথা

যুৱতীৰ সৈতে পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সোমাল ৰঙাঘৰত, আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিলে বহু কথা

অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ বিৰুদ্ধে ১০৪৪/২০ নম্বৰত গোচৰ পঞ্জীয়ন

অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ বিৰুদ্ধে ১০৪৪/২০ নম্বৰত গোচৰ পঞ্জীয়ন

অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ বিৰুদ্ধে ১০৪৪/২০ নম্বৰত গোচৰ পঞ্জীয়ন

  • Share this:
যুৱতীৰ সৈতে পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি পৰ্ণ চাইটত আপলোড কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰী অৱশেষত সোমাল ৰঙাঘৰত। অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ বিৰুদ্ধে ১০৪৪/২০ নম্বৰত গোচৰ পঞ্জীয়ন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হৰিশচন্দ্ৰ মহন্তৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট অধ্যাপকগৰাকীক।



ইতিমধ্য অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অশ্লীল ভিডিঅ নিৰ্মাণ কৰাৰ কথা। বহু যুৱতীৰ সৈকে গোপন অভিসাৰত লিপ্ত হৈছিল অধ্যাপকগৰাকী।



গুৱাহাটীৰ হোটেলৰ কোঠাত ৰহস্যময়ী মহিলাৰ সৈতে গোপন অভিসাৰত লিপ্ত হোৱা বহু অশ্লীল ভিডিঅ অধ্যাপকজনে নিজৰ কেমেৰাত বন্দী কৰিছিল। শুকুৰবাৰে লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কেমেৰাটো ডিব্ৰুগড় চহৰৰ আমোলাপতট্টিৰ বাসগৃহৰ পৰা জব্দ কৰিছিল।

ইফালে এই পৰ্ণ ভিডিঅ’সমূহৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰী জড়িত নাই বুলি আৰক্ষী অধীক্ষক জনে স্পষ্টকৈ প্ৰকাশ কৰাৰ লগতে কোনো লোকে যদি বিশ্ববিদ্যালয়ৰ ছাত্ৰী জড়িত থকাৰ কথা বিয়পাই তেন্তে সেই লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও উল্লেখ কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি