• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যৌনতাৰ মুকলি বেহা, দেহ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে অসমৰ এই অঞ্চল

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যৌনতাৰ মুকলি বেহা, দেহ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে অসমৰ এই অঞ্চল

একাংশ ধাবাৰ পিছফালে কিছুমান ক'টেজ তথা বিশেষ কোঠা নিৰ্মাণ কৰা হৈছে। এই গোপন কোঠাবোৰতে দেহ-ব্যৱসায়ৰ দৰে চৰম অপৰাধজনিত কাৰ্যকলাপ চলাই গৈছে অসাধু চক্ৰই।

  • Share this:
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে চলে যৌনতাৰ মুকলি বেহা। নগাঁৱৰ বাইপাছত থকা একাংশ ধাবাত বৰ্তমান দিন দুপৰতে চলি আছে অসামাজিক কাৰ্যকলাপ। নগাঁৱৰ বিভিন্ন দল-সংগঠনৰ অভিযোগ, আৰক্ষী তথা প্ৰশাসনক মেনেজ কৰি একাংশ অসাধু চক্ৰই  চলাই গৈছে এই অবৈধ কাৰ্যকলাপ। যাৰ পৰিপ্ৰেক্ষিতত অনাগত সময়ত নগাঁও জিলাত সংঘটিত হ'ব পাৰে জঘন্য অপৰাধ।

ক'ত কেনেকৈ চলে এই অপৰাধজনিত কাৰ্যকলাপ? 

নগাঁও বাইপাছৰ কাষত নকৈ গঢ় লৈ উঠা একাংশ ধাবাৰ পিছফালে কিছুমান ক'টেজ তথা বিশেষ কোঠা নিৰ্মাণ কৰা হৈছে। জানিব পৰা মতে, এই গোপন কোঠাবোৰতে দেহ-ব্যৱসায়ৰ দৰে চৰম অপৰাধজনিত কাৰ্যকলাপ নিৰ্বিঘ্নে চলাই গৈছে অসাধু চক্ৰই। আনকি বহু সময়ত আৰক্ষীয়ে হাতে-লোটে অসংযত অৱস্থাত পুৰুষ-মহিলাক আটক কৰিছে যদিও পুনৰ এনে ধাবাসমূহত আৰম্ভ হৈছে এই অসামাজিক কাৰ্যকলাপ।

কি কয় ধাবাৰ মালিক সমূহে?

একাংশ ধাবাৰ কৰ্মকাণ্ডই লজ্জিত কৰি তুলিছে নগাঁও বাইপাছত সততাৰে ধাবাৰ ব্যৱসায় কৰা বহু ধাবা মালিকক। কাৰণ ধাবা ব্যৱসায়ৰ নামত এনে অসামাজিক কাৰ্যকলাপ চলোৱা একাংশৰ বাবেই এতিয়া বহু ধাবা মালিকে চৰম অস্বস্তিত পৰিছে। সেয়ে এনে অসামাজিক কাৰ্যকলাপ চলোৱা ধাবাসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে নগাঁও আৰক্ষীক আহ্বান জনাইছে এইসকল ব্যৱসায়ীয়ে।
Published by:Sanjay Kumar Das
First published: