যোৰহাটৰ ক’ত চলিছে নগ্ন ভিডিঅ’ কলিং, দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ? একাংশ কিশোৰীক লিপ্ত কৰোৱা হৈছে দেহ ব্যৱসায়ত

News18 Assam | News18-Assam
Updated:February 4, 2021, 9:47 AM IST
যোৰহাটৰ ক’ত চলিছে নগ্ন ভিডিঅ’ কলিং, দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ? একাংশ কিশোৰীক লিপ্ত কৰোৱা হৈছে দেহ ব্যৱসায়ত
বলীউদৰ চিনেমা অথবা ৱেব ছিৰিজৰ নিষিদ্ধ গলিত চলাৰ দৰে অনুৰূপ ব্যৱসায় চলি আছে যোৰহাট নগৰৰ সমীপতে।

বলীউদৰ চিনেমা অথবা ৱেব ছিৰিজৰ নিষিদ্ধ গলিত চলাৰ দৰে অনুৰূপ ব্যৱসায় চলি আছে যোৰহাট নগৰৰ সমীপতে।

  • Share this:
চিনেমাৰ দৃশ্যৰ বাস্তৱ প্ৰতিফলন দেখা গৈছে যোৰহাটত। দিল্লী, উত্তৰ প্ৰদেশৰ নাৰীদেহ ব্যৱসায়ৰ কুখ্যাত ঘাটিৰ দৰে জঘন্য ঘটনা পোহৰলৈ আহিছে যোৰহাটত। যোৰহাট নগৰৰ সমীপৰ গ্ৰামাঞ্চলত ঘাটি পাতি এটা চক্ৰই নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে হানি ট্ৰেপিং তথা নগ্ন ভিডিঅ’ কলিঙেৰে ব্লেকমেইলিঙৰ এক বৃহৎ কাৰবাৰ চলাই অহাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।

বলীউদৰ চিনেমা অথবা ৱেব ছিৰিজৰ নিষিদ্ধ গলিত চলাৰ দৰে অনুৰূপ ব্যৱসায় চলি আছে যোৰহাট নগৰৰ সমীপতে। কম বয়সীয়া কিশোৰীৰ পৰা যুৱতী-মহিলালৈকে কৌশলেৰে জালত পেলাই এটা দুষ্ট চক্ৰই পশ্চিম যোৰহাটৰ বহতীয়া গাঁৱৰ এটা ভাড়াঘৰত চলাই গৈছিল নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়। সোমবাৰে নিশা একাংশ স্থানীয় লোকে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহায়ত এই ঘৰটোত অনুসন্ধান চলোৱাত ঘৰটোৰ পৰা তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰা হয়। পিছত এই কিশোৰীকেইগৰাকীক আৰক্ষীক গতাই দিয়া হয়। প্ৰথম অৱস্থাত এয়া এক সচৰাচৰ দেখিবলৈ পোৱা সাধাৰণ ঘটনা বুলি ভবা হৈছিল যদিও আৰক্ষীৰ তদন্তত কেঁচু খান্দোতে সাপ ওলায়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ঘৰটোত চলি অহা দেহ ব্যৱসায়ৰ বহু ভয়ংকৰ তথ্য।

এই ভাড়াঘৰটোলৈ ৰিম্পী দাস আৰু পল্লৱ জ্যোতি সন্দিকৈ নামৰ যুৱকজনে কৌশলেৰে একাংশ কিশোৰী , মহিলাক আনি তেওঁলোকৰ গোপন ফটো ৰেকৰ্ড কৰি পিছত দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। এই দেহ ব্যৱসায়ৰ কৌশলে আৰক্ষীৰো চকু কপালত তুলিছে। বহতীয়া গাঁৱৰ এই ভাড়াঘৰটোৰ পৰা দেহ ব্যৱসায়ৰ সমান্তৰালকৈ চলিছিল হনি ট্ৰেপিং আৰু ব্লেকমেইলিং। ভাড়াঘৰটোত থকা কিশোৰী-যুৱতীসকলৰ কাষলৈ অহা একাংশ লোকৰ গোপন দৃশ্য কৌশলেৰে কেমেৰাত বন্দী কৰি পিছত তেওঁলোকক ব্লেকমেইলিং কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আনহাতে, একাংশ লোকক এই কিশোৰী-যুৱতীসকলৰ দ্বাৰা কৰোৱা হৈছিল নগ্ন ভিডিঅ’ কলিং। আৰু এই ভিডিঅ'কলিঙৰ স্ক্ৰীণশ্বট সংগ্ৰহ কৰি পিছত সেইসকল লোকক ব্লেকমেইলিং কৰাৰ তথ্যও পোহৰলৈ আহিছে আৰক্ষীৰ অনুসন্ধানত।

"আমি কিছু তথ্য লাভ কৰিছো। কিন্তু তদন্তৰ খাতিৰত সেইসমূহ এতিয়াই প্ৰকাশ কৰিব নোৱাৰো। এই চক্ৰটোৰ মূল অভিযুক্ত ৰিম্পী দাস আৰু পল্লৱ সন্দিকৈৰ সন্ধানত আমাৰ অভিযান অব্যাহত আছে। এই চক্ৰটোৱে দেহ ব্যৱসায়ত লিপ্ত কৰোৱা কিশোৰীসকলকে ধৰি বহু লোকক জালত পেলাই ব্লেকমেইলিং কৰি আহিছিল। অচিৰেই এই ঘটনাৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব।", যোৰহাটৰ উপ–আৰক্ষী অধীক্ষক বিভাষ দাসে এনেদৰে কয়।

এই নিষিদ্ধ ঘাটিলৈ অহা লোকসকলৰ ভিতৰত চিকিৎসক, আৰক্ষী, নিৰাপত্তা বাহিনীৰ লোকৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ থকাৰ তথ্যও আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। আৰক্ষীয়ে যোৰহাটত শিপাই থকা এই দেহ ব্যৱসায় চক্ৰৰ বিৰুদ্ধে জোৰদাৰ অভিযান আৰম্ভ কৰিছে। তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে এই ঘটনাৰে জড়িত বহু কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছে। অচিৰেই যোৰহাটৰ এই দেহ ব্যৱসায়ী চক্ৰৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাটো নিশ্চিত।
Published by: Sanjay Kumar Das
First published: February 4, 2021, 9:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি