কোৰোণাতংকৰ মাজতে ডিব্ৰুগড়ত নাৰীদেহৰ ব্যৱসায়, জালত পৰিল পাঁচ যুৱতীসহ দুই যুৱক

সদৰ থানা পিছফালে বি চি দাস পথৰ উক্ত মহিলাগৰাকীৰ বাসগৃহতে পূৰ্বতেও সংঘটিত হৈছিল এনে দুস্কাৰ্য।
সদৰ থানা পিছফালে বি চি দাস পথৰ উক্ত মহিলাগৰাকীৰ বাসগৃহতে পূৰ্বতেও সংঘটিত হৈছিল এনে দুস্কাৰ্য।
- News18 Assam
- Last Updated: June 14, 2020, 9:00 AM IST
শনিবাৰে বিয়লি ডিব্ৰুগড়ৰ উপ–আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰসহ সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, নগৰ আৰক্ষীৰ প্ৰদীপ কুমাৰ শইকীয়াৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনীয়ে এক অভিযান চলাই পাঁচ মহিলা-যুৱতী আৰু দুজন যুৱকক কৰায়ত্ত কৰে। অৱশ্যে নাৰীদেহ ব্যৱসায় চক্ৰটোৰ মূল অভিযুক্ত তথা পূৰ্বে নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অভিযোগত কেইবাবাৰো গ্ৰেপ্তাৰ হোৱা বিতৰ্কিত এগৰাকী মহিলাই পলায়ন কৰে।
সদৰ থানা পিছফালে বি চি দাস পথৰ উক্ত মহিলাগৰাকীৰ বাসগৃহতে পূৰ্বতেও সংঘটিত হৈছিল এনে দুস্কাৰ্য। কেইবাবাৰো জে’লৰ ভাত খাইছিল এই বিতৰ্কিত মহিলাগৰাকীয়ে। আৰক্ষীয়ে অভিযানত বকো ছয়গাঁৱৰ নিকুমণি কলিতা আৰু ডিব্ৰুগড় গ্ৰেহেম বজাৰৰ আনন্দ শ্বাহ নামৰ দুজন যুৱকৰ লগতে দুগৰাকী যুৱতী আৰু তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।