যোৰহাটৰ ভাড়াঘৰত নাৰী দেহৰ ৰমৰমীয়া বেহা, মহিলা সমিতিৰ বিষয়ববীয়া জড়িত থকাৰ অভিযোগ, মূল অভিযুক্তৰ বহু বিস্ফোৰক স্বীকাৰোক্তি

অচিৰেই পোহৰলৈ আহিব এই চক্ৰৰ বহু বিস্ফোৰক তথ্য
অচিৰেই পোহৰলৈ আহিব এই চক্ৰৰ বহু বিস্ফোৰক তথ্য
- News18 Assam
- Last Updated: February 6, 2021, 3:37 PM IST
আৰক্ষীয়ে যোৰহাটত শিপাই থকা বৃহৎ নাৰীদেহ ব্যৱসায় চক্ৰৰ বিৰুদ্ধে অভিযান চলাই শুকুৰবাৰে নিশা নগালেণ্ডৰ মুককচাং জিলাত আত্মগোপন কৰি থকা অৱস্থাত এই ঘটনাৰ অন্যতম অভিযুক্ত ৰিম্পী দাস আৰু পল্লৱ জ্যোতি সন্দিকৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই বৃহৎ দেহ ব্যৱসায় চক্ৰৰ সৈতে সাঙোৰ খাই পৰিছে মহিলা সংগঠনৰ বিষয়ববীয়াৰ নাম।
আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পিছত এই সমগ্ৰ ঘটনাৰ লগত নাৰী সংগঠনৰ সদস্যৰ লগতে আন বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কাৰণ ধৃত পল্লৱ জ্যোতিয়ে বাৰম্বাৰ এই দেহ ব্যৱসায়ৰ সৈতে নাৰী সংগঠনৰ মহিলা জড়িত থকা বুলি মত ব্যক্ত কৰিছে । ইতিমধ্যে এই ঘটনাৰ অন্যতম অভিযুক্ত পল্লৱজ্যোতিয়ে বহতীয়া গাঁৱৰ উক্ত ভাড়াঘৰটোত বিভিন্ন যুৱতীৰ দ্বাৰা দেহ ব্যৱসায় চলাই যোৱাৰ কথা স্বীকাৰ কৰিছে। ধৃত পল্লৱে জানিবলৈ দিয়া মতে, ইয়াৰ পূৰ্বেও তেওঁলোকে বেলেগ এটা ভাড়াঘৰত দেহ ব্যৱসায় চলাই ধৰা পৰিছিল। কিন্তু এইবাৰ ধনৰ বিনিময়ত মহিলা সংগঠনৰ একাংশ বিষয়ববীয়াৰ জ্ঞাতসাৰেই বহতীয়াগাঁৱত এই ব্যৱসায় পুনৰ চলাই গৈছিল ।
পল্লৱজ্যোতিয়ে আৰু জানিবলৈ দিয়া মতে, একাংশ নাৰী সংগঠনৰ মহিলাই তেওঁক গ্ৰাহকৰ যোগান ধৰিব বুলি কৈ এই ব্যৱসায় চলাই যাবলৈ একপ্ৰকাৰ প্ৰৰোচিত কৰিছিল। ইয়াৰ প্ৰমাণ তেওঁৰ ওচৰত আছে বুলি ধৃত যুৱকজনে দাবী কৰিছে। অৱশ্যে এই অভিযোগসমূহ কিমান সঁচা সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ'ব ।
"ইতিমধ্যে আমি এই ঘটনাৰ অন্যতম অভিযুক্ত দুগৰাকীক নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰিছো। এই ঘটনাৰ সৈতে মহিলা সমিতিৰ বিষয়-ববীয়াৰ পৰা আৰু কিছুলোক জড়িত থকাৰ প্ৰাথমিক তথ্য লাভ কৰা হৈছে । অধিক তদন্তৰ পিছতহে সকলো স্পষ্ট হ'ব।'-উপ আৰক্ষী অধীক্ষক বিভাষ দাসে এনেদৰে কয় ।
গাঁৱৰ এটা ভাড়াঘৰৰ পৰা চলিছিল এই দেহ ব্যৱসায় :
এই ভাড়াঘৰটোলৈ ৰিম্পী দাস আৰু পল্লৱ জ্যোতি সন্দিকৈ নামৰ যুৱকজনে কৌশলেৰে একাংশ কিশোৰী , মহিলাক আনি তেওঁলোকৰ গোপন ফটো ৰেকৰ্ড কৰি পিছত দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। এই দেহ ব্যৱসায়ৰ কৌশলে আৰক্ষীৰো চকু কপালত তুলিছে । অভিযোগ অনুসৰি বহতীয়া গাঁৱৰ এই ভাড়াঘৰটোৰ পৰা দেহব্যৱসায়ৰ সমান্তৰালকৈ চলিছিল হনিট্ৰেপিং আৰু ব্লেকমেইলিং। ভাড়াঘৰটোত থকা কিশোৰী-যুৱতীসকলৰ কাষলৈ অহা একাংশ লোকৰ গোপন দৃশ্য কৌশলেৰে কেমেৰাত বন্দী কৰি পিছত তেওঁলোকক ব্লেকমেইলিং কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আনহাতে একাংশ লোকলৈ এই কিশোৰী-যুৱতীসকলৰ দ্বাৰা কৰোৱা হৈছিল নগ্ন ভিডিও কলিং। আৰু এই ভিডিও 'কলিঙৰ স্ক্ৰীণশ্বট সংগ্ৰহ কৰি পিছত সেইসকল লোকক ব্লেকমেইলিং কৰাৰ তথ্যও পোহৰলৈ আহিছে আৰক্ষীৰ অনুসন্ধানত।
অচিৰেই পোহৰলৈ আহিব এই চক্ৰৰ বহু বিস্ফোৰক তথ্য :
এই নিষিদ্ধ ঘাটিলৈ অহা লোকসকলৰ ভিতৰত চিকিৎসক, আৰক্ষী , নিৰাপত্তা বাহিনীৰ লোকৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ থকাৰ তথ্যও আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে । এই ভাড়াঘৰটোলৈ ক'ৰ পৰা কোনে কিশোৰী , যুৱতীসকলক যোগান ধৰিছিল তথা কেনেদৰে এই ব্যৱসায়ৰ শিপাডাল বিয়পি আছিল অচিৰেই এই সন্দৰ্ভত বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।