• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid 19 : ইজনৰ পিছত সিজন আৰক্ষী অধীক্ষক আক্ৰান্ত কোভিডত, অসম আৰক্ষীত অমিক্ৰনৰ সন্ত্ৰাস

Covid 19 : ইজনৰ পিছত সিজন আৰক্ষী অধীক্ষক আক্ৰান্ত কোভিডত, অসম আৰক্ষীত অমিক্ৰনৰ সন্ত্ৰাস

প্ৰতীকী ফটো

প্ৰতীকী ফটো

দুলীয়াজানত অনুস্থিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পিছতে অসম আৰক্ষীত অমিক্ৰনৰ আতংকই বিৰাজ কৰিছে।

  • Share this:
উৎসৱৰ বতৰত অসম আৰক্ষীক বিপাঙত পেলাইছে কোৰোণাই। কোৰোণাত আক্ৰান্ত হৈছে ইজনৰ পিছত আৰক্ষী অধীক্ষক। এইপৰ্যন্ত অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক ৰিপুল দাস, লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডি পি ঘনাৱট, অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, বাক্সাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, গোৱালপাৰৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, শদিয়াৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা কোভিড ১৯ত আক্ৰান্ত হৈছে। কোভিডত আক্ৰান্ত হৈছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাও।

একেদৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হীৰেন নাথ, মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাও আক্ৰান্ত হৈছে কোভিডত। ইপিনে এতিয়াও কেইবাগৰাকীও আৰক্ষী অধীক্ষকৰ আৰটিপিআৰ পৰীক্ষাৰ ফলাফল আহিবলৈ বাকী। উল্লেখযোগ্য যে, দুলীয়াজানত অনুস্থিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পিছতে অসম আৰক্ষীত অমিক্ৰনৰ আতংকই বিৰাজ কৰিছে। অৱশ্যে বৰ্তমানলৈকে এয়া অমিক্ৰনৰ সংক্ৰমণ হয়নে নহয় সেই বিষয়ে কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।
Published by:Sanjay Kumar Das
First published: