অখিল গগৈৰ মাতৃৰ কাষত 'কা'ৰ বিৰুদ্ধে দিল্লীত উলংগ প্ৰতিবাদ সাব্যস্ত কৰা দল–সংগঠনৰ নেতৃত্ব

News18 Assam | News18-Assam
Updated:August 28, 2020, 9:04 AM IST
অখিল গগৈৰ মাতৃৰ কাষত 'কা'ৰ বিৰুদ্ধে দিল্লীত উলংগ প্ৰতিবাদ সাব্যস্ত কৰা দল–সংগঠনৰ নেতৃত্ব
পুত্ৰ মুকলি হৈ অহাৰ আশাত বন্দী অসুস্থ বৃদ্ধা মাতৃৰ কাষত উপস্থিত হয় 'কা'ৰ বিৰুদ্ধে দিল্লীত উলংগ প্ৰতিবাদ সাব্যস্ত কৰা বিভিন্ন দল–সংগঠনৰ প্ৰতিনিধিৰ এটা দল।

পুত্ৰ মুকলি হৈ অহাৰ আশাত বন্দী অসুস্থ বৃদ্ধা মাতৃৰ কাষত উপস্থিত হয় 'কা'ৰ বিৰুদ্ধে দিল্লীত উলংগ প্ৰতিবাদ সাব্যস্ত কৰা বিভিন্ন দল–সংগঠনৰ প্ৰতিনিধিৰ এটা দল।

  • Share this:
দহ মাহে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। পুত্ৰ মুকলি হৈ অহাৰ আশাত বন্দী অসুস্থ বৃদ্ধা মাতৃৰ কাষত উপস্থিত হয় 'কা'ৰ বিৰুদ্ধে দিল্লীত উলংগ প্ৰতিবাদ সাব্যস্ত কৰা বিভিন্ন দল–সংগঠনৰ প্ৰতিনিধিৰ এটা দল। কৃষক নেতাগৰাকীৰ মৰিয়নীৰ চেলেং লুসুৰাখনস্থিত বাসগৃহত উপস্থিত হোৱা প্ৰতিনিধি দলটোত আছিল টাইপাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি লুহিত গগৈ, সম্পাদক মৃদুল বাইলুং ফুকন, অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস আৰু উচ্চতম ন্যায়লয়ৰ বিশিষ্ট অধিবক্তা তৃষ্ণা শৰ্মা।

প্ৰতিনিধি দলটোৱে কাৰাবন্দী অখিল গগৈৰ অসুস্থ মাতৃৰ কাষত উপস্থিত হৈ আমি বাকৰুদ্ধ হৈ পৰিছো বুলি ব্যক্ত কৰি এই চৰকাৰখন কিমান নিষ্ঠুৰ আৰু স্বৈৰাচাৰী হ'ব পাৰে তাৰ প্ৰমাণ অখিল গগৈৰ মাতৃ বুলি উল্লেখ কৰে। প্ৰতিনিধিৰ দলটোৱে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লোৱা লগতে ভৰিত ধৰি আশিস গ্ৰহণ কৰি 'কা'ৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব বুলি অখিল গগৈৰ গৃহৰ পৰাই বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰে।
Published by: Sanjay Kumar Das
First published: August 28, 2020, 9:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading