লখিমপুৰত দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ, ২০জনতকৈ অধিক যাত্ৰী আহত

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাভনদীৰ দলঙৰ ওপৰত সংঘটিত হয় দুৰ্ঘটনাটো।

News18-Assam
Updated:October 21, 2019, 11:11 AM IST
লখিমপুৰত দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ, ২০জনতকৈ অধিক যাত্ৰী আহত
১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাভনদীৰ দলঙৰ ওপৰত সংঘটিত হয় দুৰ্ঘটনাটো।
News18-Assam
Updated: October 21, 2019, 11:11 AM IST
লখিমপুৰৰ বাৰমাইলত পথ দুৰ্ঘটনা। দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় ২০জনতকৈ অধিক যাত্ৰী। আহতসকলৰ ভিতৰত আছে শিশু, শিক্ষাৰ্থী আৰু মহিলাও। চালকৰ মইমতালিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ যাত্ৰীৰ।

আহতসকলক লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাভনদীৰ দলঙৰ ওপৰত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত বহু সময় স্তব্ধ হৈ পৰে যান–বাহনৰ চলাচল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি