দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ সমাপ্তিৰ পিছত মন্ত্ৰী পীযূষ হাজৰিকাই সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী হাজৰিকাই কেবিনেটত লোৱা সিদ্ধান্ত সম্পৰ্কে অৱগত কৰে। সেই অনুসৰি আজিৰ কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় (Cabinet Decisions)। সেই অনুসৰি–
–স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত অনুসৰি মেডিকেল কলেজৰ অধ্যাপকৰ অৱসৰৰ বয়স ৬৫ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰা হয়। এই সিদ্ধান্ত মেডিকেল কলেজৰ ডাক্তৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব।
–২০১৭ত সিদ্ধান্ত লোৱা হৈছিল কৰ্মৰত অৱস্থাত কোনো কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁলোকৰ পৰিয়ালক চাকৰিয়ালজনে অৱসৰ পোৱাৰ সময় পৰ্যন্ত দৰমহা দিয়া হ'ব। এতিয়া এই নিয়মৰ ভিতৰত অসম কেডৰৰ IAS বিষয়াসকলকো সামৰি লোৱা হ'ব।
-HPCৰ যিসকলে চাকৰি কৰিব পাৰে, সেইসকলৰ ভিতৰত ৬৬জনক চৰকাৰী বিভাগত চাকৰি দিয়াৰ সিদ্ধান্ত। প্ৰাথমিক পৰ্যায়ত চাকৰি পোৱা সকলে চৰকাৰৰ ভিন্ন বিভাগত নিযুক্তি পাব।
–মণ্ডল পদৰ নাম সলনি কৰা হ'ব। মণ্ডল পদৰ ঠাইত হ'ব লেণ্ড ৰেকৰ্ড এচিষ্টেণ্ট। আনহাতে পূৰ্বে মণ্ডল জিলাৰ পৰা বদলি হোৱা নাছিল। এতিয়া নতুন পদত নিযুক্তি হোৱাসকলৰ বদলিৰ ব্যৱস্থা কৰা হ'ব। এখন জিলাত ৫ বছৰ পৰ্যন্ত থাকিব পাৰিব
মণ্ডল।
–মণ্ডলৰ লগতে কানানগো পদৰো নাম সলনি। কানানগো পদৰ নতুন নাম লেণ্ড ৰেকৰ্ড ছুপাৰভাইজৰ।
–ইন্সপেক্টৰ অৱ লেণ্ড ৰেকৰ্ডজন হ'ব লেণ্ড ৰেকৰ্ড ইন্সপেক্টৰ। তাৰ পিছত পদোন্নতি হৈ হ'ব লেণ্ড ৰেকৰ্ড অফিচাৰ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|