আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নৱম কেবিনেট। এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ূষ হাজৰিকাই এক সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
কি সিদ্ধান্ত লোৱা হ'ল কেবিনেটত
(১) এম জি এনৰেগাৰ অধীনত চাহ বাগিচাৰ কৰ্মীক সংস্থাপন। বিশেষকৈ শীতকালত চাহ বাগিচাৰ শ্ৰমিকসকলৰ আয়ৰ ক্ষেত্ৰত হোৱা সমস্যাক লৈ এই সিদ্ধান্ত লোৱা হয়।
(২)ইয়াৰ লগতে অসমৰ গাঁও অঞ্চলতে মৎস পালনৰ বাবে পুখুৰী খন্দা বিষয়টো এম জি এনৰেগাৰ আঁচনিৰ অধীনত অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰিব। আনহাতে এনৰেগাৰ আঁচনিৰ অধীনতে গাঁৱত সাঁচিগছ, চন্দন গছ, অগৰু গছ, সোম গছ আদি মূল্যৱান গছ ৰোপণেৰে ব্যক্তিগত পৰ্যায়ত গাঁৱৰ অৰ্থনীতি শক্তিশালী কৰাৰ সিদ্ধান্ত। এইক্ষেত্ৰত বিডিঅ'ৱে পৰিকল্পনা প্ৰস্তুত কৰিব।
(৩) 15 financeৰ টকাৰে স্কুল,অংগনৱাড়ী, স্থানীয় পাৰ্ক নিৰ্মাণৰ সিদ্ধান্ত।
(৪) গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগ দুটাক একলগ কৰি হাউছিং এণ্ড আৰবান এফেয়াৰ্ছ নামৰ নতুন এটা বিভাগ খোলা হৈছে। ইয়াৰ লগতে General administration department আৰু secretariat administration department- এই দুটা বিভাগক একলগ কৰি General administration department কৰা হৈছে।
(৫) বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ বাবে স্বত্বাধিকাৰীসকলক পোনে পোনে চিলিং দিব পাৰিব প্ৰতি মাহে।
(৬) গোলাঘাট আৰু সৰুপথাৰ চাৰ্কোলক খৰাংপীড়িত অঞ্চল ৰূপে চিহ্নিত কৰা হৈছে। এই দুই চাৰ্কোললৈ সমীক্ষাভিত্তিত সাহায্য আগবঢ়াব।
(৭) গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শতবৰ্ষ পুৰণি আৱাসগৃহটো মেৰামতি কৰি ঐতিহ্যময় ভৱন ৰূপে গঢ় দিয়াৰ সিদ্ধান্ত।
(৮) কোভিডৰ বাবে সুৰাৰ দোকানত ভিৰ পৰিলক্ষিত হোৱাত গুৱাহাটীত পৰীক্ষামূলকভাৱে এমাহৰ বাবে অনলাইন সুৰা উপলব্ধ কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|