পেডেল মাৰি মাৰি মই কংগ্ৰেছলৈ যাওঁ’...বাবু বৰুৱাই গালে গান, অজয় ফুকনে লিখা ‘কা’ বিৰোধী গান মুকলিৰে কংগ্ৰেছৰ যোগদান অনুষ্ঠান

News18 Assam | News18-Assam
Updated:August 25, 2020, 1:01 PM IST
পেডেল মাৰি মাৰি মই কংগ্ৰেছলৈ যাওঁ’...বাবু বৰুৱাই গালে গান, অজয় ফুকনে লিখা ‘কা’ বিৰোধী গান মুকলিৰে কংগ্ৰেছৰ যোগদান অনুষ্ঠান
আত্মবিশ্বাসী কংগ্ৰেছ সভাপতিৰ দাবী,  এক ছেপ্টেম্বৰৰ পৰা তিনি লাখ পৃষ্ঠপোষক লগত লৈ কংগ্ৰেছ আগবাঢ়িব কিন্তু বি জে পিৰ বিৰুদ্ধে ৩,কোটি ২১ লাখ অসমৰ ৰাইজ লগত লৈ আগবাঢ়ি দল।

আত্মবিশ্বাসী কংগ্ৰেছ সভাপতিৰ দাবী,  এক ছেপ্টেম্বৰৰ পৰা তিনি লাখ পৃষ্ঠপোষক লগত লৈ কংগ্ৰেছ আগবাঢ়িব কিন্তু বি জে পিৰ বিৰুদ্ধে ৩,কোটি ২১ লাখ অসমৰ ৰাইজ লগত লৈ আগবাঢ়ি দল।

  • Share this:
চেলিব্ৰিটী যোগদানৰ দিন! বিজেপিৰ সমানে সমানে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছত শিল্পীৰ যোগদান অনুস্থান আয়োজন হয়। কংগ্ৰেছত যোগদান কৰে জনপ্ৰিয় গায়ক বাবু বৰুৱা,নেকিব আৰু গীতিকাৰ অজয় ফুকনে। যোগদান কৰা তিনিজনে কা আন্দোলনৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল।তেওঁলোকৰ লগতে কংগ্ৰেছত যোগদান কৰে আন কেইবাজনো সাংস্কৃতিক জগতৰ শিল্পীয়ে। কমেও ৪০ জনৰো অধিক কলা-কৌশলীয়ে যোগদান কৰে কংগ্ৰেছত।

গায়ন বয়েনেৰে আদৰি অনা হয় শিল্পী সকলক। যোগদান কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰেকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন, জাকিৰ হুছেইন সিকদাৰ,ভূমিধৰ বৰ্মন,শৰৎ বৰকটকী, নন্দিতা দাস সহ কংগ্ৰেছৰ ন–পুৰণি নেতা।

যোগদান কাৰ্যসূচীত ৰিপুন বৰাৰ দাবী, ‘২০১৬ চনত ৰাইজে পৰিৱৰ্তন বিচাৰিছিল, কিন্তু আজি ৰাইজে উপলব্ধি কৰিছে,এইয়া ভুৱা আছিল, এতিয়া ৰাইজে কৈছে পৰিৱৰ্তন নহয়,পৰিত্ৰাণ লাগে,পৰিত্ৰাণ পাবলৈ আমি সকলো একত্ৰিত হব লাগিব, এইয়া অসমৰ ৰাইজৰ দাবী, বি জে পিৰ উৎখাত কৰিবৰ বাবে আজি মহাজোঁট হৈছে। এই মহাজোঁটৰ ফলত বি জে পিয়ে ভয় খাইছে,কংগ্ৰেছ আৰু এ আই ডি এফৰ মিত্ৰতা নহয় এই মহাজোঁটত সকলো থাকিব। বি জে পিয়ে অপ্ৰচাৰ চলাইছে এ আই ইউ ডি এফৰে মিত্ৰতাক লৈ। কংগ্ৰেছ সম্প্ৰদায়িক হোৱাৰ কথাৰে বি জে পিয়ে অপ্ৰচাৰ চলাইছে। নিজৰ জাতি আৰু মাটিক ভাল পোৱাটো কেতিয়াও সম্প্ৰদায়িক নহয়।’ 

লগতে ৰিপুন বৰাৰ দাবী, ‘কংগ্ৰেছ কেতিয়াও সম্প্ৰদায়িক নহয়,বি জে পিহে সম্প্ৰদায়িক,বি জে পিৰ পৰা ওলাই যোৱা শিল্পীক হে যোগদান কৰাইছে কংগ্ৰেছে। বি জে পি এতিয়া চাৰি ফালৰ পৰা অকলশৰীয়া হৈ পৰিছে, বি জে পিয়ে এতিয়া সম্প্ৰদিয়কতা সৃষ্টি কৰি বিভাজন সৃষ্টি কৰিব। সম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব।’

আত্মবিশ্বাসী কংগ্ৰেছ সভাপতিজনৰ দাবী,  এক ছেপ্টেম্বৰৰ পৰা তিনি লাখ পৃষ্ঠপোষক লগত লৈ কংগ্ৰেছ আগবাঢ়িব কিন্তু বি জে পিৰ বিৰুদ্ধে ৩,কোটি ২১ লাখ অসমৰ ৰাইজ লগত লৈ আগবাঢ়ি দল।



অনুষ্ঠানতে ‘কা নামানো’ গীত মুকলি। অজয় ফুকনে লিখি উলিয়াইছে গীতটো আৰু গাইছে ৰেকিবুল হাছানে। অজয় ফুকনৰ মন্তব্য, ‘আমি এক সাংস্কৃতিক শক্তি হৈ কংগ্ৰেছত যোগদান কৰিছো।’

অজয়, বাবু, নেকিবৰ লগতে ডিম্বে শৰ্মা, সুৰকাৰ,গীতিকাৰ গিৰিন্দ্ৰ কলিতা,ভিডিঅ’ পৰিচালক জিতেন ভূঞা,অভিনেত্ৰী জুনজুন বৰা, ৰবীন ৰাজবংশী, সংগীত শিল্পী ভগৱান পাঠক সহ কেইবাগৰাকীও শিল্পীয়ে কংগ্ৰেছত যোগদান কৰে।

অনুষ্ঠানতে বাবু বৰুৱাই নিজৰ জনপ্ৰিয় গীত পেডেল মাৰি মাৰি নতুনকৈ উপস্থাপন কৰে ‘পেডেল মাৰি মাৰি মই কংগ্ৰেছলৈ যাওঁ’ বুলি। লগতে বাবু বৰুৱাই কয়, ‘কা আন্দোলনত আমি যুঁজি গৈছিলো, কা আন্দোলন আমি চকুৰ আগত দেখিছিলো,কা আন্দোলন চৰকাৰে গুৰুত্ব নিদিলে, কা আন্দোলন বিৰোধিতা কৰিবলৈ ৰাষ্ট্ৰীয় দল লাগিব,সেইকাৰণে মই ৰাষ্ট্ৰীয় দলত যোগদান কৰিছোঁ, অসমৰ ৰাইজ আৰু মোৰ সমষ্টিৰ ৰাইজক সহায় সংযোগিতা আগবঢ়াই আহিছোঁ, আৰু মই ৰাইজক সহায় সংযোগিতা কৰিবলৈ মই কংগ্ৰেছত যোগদান কৰিছো।’

মুঠ ৩৯ জন শিল্পীয়ে যোগদান কৰে কংগ্ৰেছত।

কংগ্ৰেছত যোগদানৰ সম্পূৰ্ণ তালিকা।
First published: August 25, 2020, 12:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading