Seven Youth Apprehended: সোণাৰি নগৰৰ বানফেৰাৰ সমীপত এখন বাহনেৰে গৈ থকা অৱস্থাত গোপন সূত্ৰৰ ভিত্তিত চৰাইদেউ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আটক হয় যুৱককেইজন।
Seven Youth Apprehended: সোণাৰি নগৰৰ বানফেৰাৰ সমীপত এখন বাহনেৰে গৈ থকা অৱস্থাত গোপন সূত্ৰৰ ভিত্তিত চৰাইদেউ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আটক হয় যুৱককেইজন।
নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) (ULFA-I)ত যোগদান কৰিবলৈ আহি সোণাৰিত আৰক্ষীৰ জালত পৰিল সাতজনকৈ যুৱক। জানিব পৰা মতে আলফা (স্বা)ত যোগদান কৰিবলৈ অহা যুৱক কেইজনৰ নাম ভাস্কৰ গগৈ, পংকজ গগৈ, প্ৰফুল্ল ফুকন, মনোৰঞ্জন দুৱৰা, বিতুল বৰুৱা, বিকি ৰাজখোৱা আৰু সমৰজ্যোতি লহকৰ। ইয়াৰে সমৰজ্যোতি লহকৰ আৰু বিকি ৰাজখোৱাৰ ঘৰ নগাঁও জিলাত আৰু বাকী পাঁচজন শিৱসাগৰ জিলাৰ ডিমৌৰ বাসিন্দা।
নগাঁৱৰ সমৰজ্যোতি লহকৰ ২০১৬ চনৰ আত্মসমৰ্পণকাৰী আলফা আৰু তেওঁৰ নেতৃত্বতেই এই যু্ৱককেইজনে আলফা স্বাধীনত যোগদান কৰিবলৈ আহিছিল বুলি জানিব দিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ।
বুধবাৰে বিয়লি সোণাৰি নগৰৰ বানফেৰাৰ সমীপত এখন বাহনেৰে গৈ থকা অৱস্থাত গোপন সূত্ৰৰ ভিত্তিত চৰাইদেউ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আটক হয় যুৱককেইজন। ধৃত আটাইকেইজন যুৱকক অধিক তথ্যৰ বাবে সোণাৰি আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে যুৱক কেইজনে ম্যানমাৰ (Myanmar)ত থকা আলফা(স্বা)ৰ শিবিৰত যোগদান কৰিবলৈ যোৱা বুলি যুৱকৰ দলটোৱে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে । ঘটনাটোৱে সমগ্র জিলাখনতেই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|