দক্ষিণ কামৰূপৰ সোণতলীত মৰ্মান্তিক ঘটনা৷ নিৰ্মীয়মাণ দেৱাল খহি পৰাত সাত বছৰীয়া শিশুৰ কৰুণ মৃত্যু৷
মৃত শিশুটি সোণতলীৰ পথালিপাৰা গাঁৱৰ আলিমুদ্দিনৰ পুত্ৰ হাবিবুল হক৷ আমিৰ হুছেইন মেমোৰিয়েল একাডেমীৰ নিৰ্মীয়মাণ চাৰিসীমাৰ দেৱালৰ ওচৰত খেলি থাকোঁতেই এই দুৰ্ঘটনা সংঘটিত হয়।
সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত হঠাৎ দেৱালত খুন্দা লাগি শিশুটিৰ ওপৰত খহি পৰে দেৱাল। দেৱালৰ হেঁচাত গুৰুতৰভাৱে আহত শিশুটিক তৎক্ষণাত ভৰ্তি কৰায় সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।
শিশুটিৰ শাৰীৰিক অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ১০৮ যোগে GMCHলৈ প্ৰেৰণ কৰা হয় ৷
GMCHত লৈ যোৱাৰ পথত গৰৈমাৰীত শিশুটিৰ অৱস্থা অতি গুৰুতৰ হোৱাত শিশুটিক ততালিকে গৰৈমাৰী সামুহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি শিশুটিৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2023, 02:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।