আন জিলাৰ জুৱাৰীয়ে হোজাইত খেলিছিল তাচ। পিছে জুৱাৰীৰ আছিল দিন বেয়া। হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে জুৱাৰ দুটা ঘাটিত চলালে অভিযান। হোজাই থানাৰ অ'চি তপন মেধিসহ আৰক্ষীৰ এটা দলে প্ৰথম অৱস্থাত নতুন বজাৰ ১নং ৰে'ল গেটৰ সমীপত অভিযান চলাই কৰায়ত্ত কৰে চাৰি জুৱাৰীসহ নগদ ধন আৰু তাচপাত।
ইয়াৰ পিছত পুনৰ পূব ধনীৰাম পথাৰ পঞ্চায়ত কাৰ্যালয়ৰ সমীপত আন এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনি জুৱাৰীক। মুঠৰ ওপৰত হোজাই আৰক্ষীৰ অভিযানত দুটা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৭টাকৈ জুৱাৰীক। লগতে জব্দ হয়ছে নগদ ধনসহ তাচপাত (Gambler Arrested at Hojai)।
গ্ৰেপ্তাৰ হোৱা জুৱাৰীকেইটা হৈছে লাহৰীঘাটৰ জমিৰ উদ্দীন, নগাঁওৰ ৰাজিবুল ইছলাম, কামপুৰৰ ইক্ৰামুল আলী , হোজাইৰ নুৰুদ্দিন, আব্দুল মতলিফ, আইজুল ইছলাম আৰু সুবল মালাকাৰ। পৰৱৰ্তী সময়ত জুৱাৰীকেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰায় প্ৰেৰণ কৰিছে জে'ললৈ।
Published by: Gautam Barman
FIRST PUBLISHED : July 13, 2022, 22:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।