অথন্তৰ! প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ যেন সঁচাকৈয়ে বেয়া দিন চলিছে। সভা চলি থকাৰ মাজতে ৰিপুণ বৰাক ধমক দিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে। কংগ্ৰেছৰ লিগেল কোষৰ বৈঠকত ভাগ লোৱাৰ কথা আছিল পি চিদাম্বৰমে। কিন্তু বাৰে বাৰে ফোন কৰি থকাৰ পিছতো চিদাম্বৰমৰ ফোন ধৰা নাছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।
পিছত যেতিয়া পি চিদাম্বৰম অনলাইন যোগে সংযুক্ত হয়, তেতিয়া উদ্বোধনী ভাষণ প্ৰদানৰ পূৰ্বে সভাপতি ৰিপুণ বৰাক দিয়ে ধমক। লগতে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধেও ক্ষোভ উজাৰে।
ইতিমধ্যে ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টোত পি চিদাম্বৰমে কৈছে যে, ‘মিষ্টাৰ বৰা, কিয় ফোন ধৰা নাই? কোনোৱা এজনেটো ফোন ধৰিব লাগে। কোনোৱে ফোন ধৰা নাই, ইমান দায়িত্বহীনতা কি কাৰণে? যদি আপুনি ফোন ধৰিব নোৱাৰে, অন্য কাৰোবাক ক’ব লাগে ফোন ধৰিবলৈ।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|