মুখ্যপৃষ্ঠা »খবৰ »অসম »Jorhat News: যোৰহাটত বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, ঋণ পৰিশোধৰ পিছতো গ্ৰাহকলৈ ঋণ আদায়ৰ জাননী

Jorhat News: যোৰহাটত বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, ঋণ পৰিশোধৰ পিছতো গ্ৰাহকলৈ ঋণ আদায়ৰ জাননী

যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত পোহৰলৈ আহে বহু গ্ৰাহক অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ তথ্য

যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত পোহৰলৈ আহে বহু গ্ৰাহক অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ তথ্য

যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত পোহৰলৈ আহে বহু গ্ৰাহক অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ তথ্য

  • Share this:

যোৰহাটত যান-বাহন ক্ৰয় কৰিবলৈ ঋণ প্ৰদান কৰা এটা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। কিস্তি মতে ঋণ পৰিশোধ কৰাৰ পিছতো বহু লোকলৈ ইক' ফাইনেন্স নামৰ প্ৰতিষ্ঠানটোৱে লাখ লাখ টকা অতিৰিক্তভাৱে পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এই ঘটনাই জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


মাত্ৰ ডেৰ-দুই লাখ টকাৰ ঋণ লৈ গাড়ী ক্ৰয় কৰি বৰ্তমান ভয়ংকৰ বিপদত পৰিছে যোৰহাটৰ একাংশ লোক। ইক' ফাইনেন্স নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা কেইবছৰমান পূৰ্বে ডেৰ লাখৰ পৰা তিনি লাখ টকা পৰ্যন্ত ঋণ লৈ বাণিজ্যিক বাহন ক্ৰয় কৰিছিল একাংশ লোকে। কিস্তি অনুসৰি ঋণৰ ধন পৰিশোধ কৰাৰ পিছতো এই লোকসকলক প্ৰদান কৰা নহ'ল ঋণ পৰিশোধৰ প্ৰমাণ-পত্ৰ। তাৰ পৰিৱৰ্তে বিত্তীয় প্ৰতিষ্ঠানটোৱে একাংশ গ্ৰাহকলৈ বহু লাখ টকা অতিৰিক্তভাৱে পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গ্ৰাহকসকলে। অৱশেষত এই লোকসকলক মতা হয় যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতলৈ। আৰু ইয়াতে পোহৰলৈ আহে এই বিত্তীয় প্ৰতিষ্ঠানটোৰ দ্বাৰা অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হোৱা বহু লোকৰ তথ্য।


শনিবাৰে যোৰহাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় লোক আদালতত দেখিবলৈ পোৱা গ'ল ঋণত বাহন ক্ৰয় কৰা একাংশ গ্ৰাহকৰ হাহাকাৰ পৰিস্থিতি। গ্ৰাহকসকলৰ অভিযোগ অনুসৰি, ECHO FINANCE নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে তেওঁলোকক ঋণ প্ৰদানৰ নামত ৰাম ঠগন দিলে। অভিযোগ অনুসৰি, ঋণ পৰিশোধ কৰাৰ পিছতো এই সকল গ্ৰাহকলৈ ঋণ পৰিশোধ নকৰাৰ বাবে আহিল নটিচ।  ECHO FINANCE নামৰ প্ৰতিষ্ঠানটোৱে এই লোকসকলক ঋণৰ কিস্তি হিচাপে দিয়া ধন জমা কৰাত গুৰুতৰ খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ তুলিছে। যাৰ ফলত বৰ্তমান একাংশ গ্ৰাহকলৈ ৫-১০ লাখ টকাৰ পৰা ২৬ লাখ টকা পৰ্যন্ত পৰিশোধ কৰিবলৈ জাননী আহিছে। যোৰহাটত এনেদৰে প্ৰায় ৭০ জন লোকে অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ তথ্য পোহৰলৈ আহিছে এই লোকসকল লোক আদালতত উপস্থিত হোৱাৰ সময়ত।


আনহাতে এই সন্দৰ্ভত বিত্তীয় প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই আকৌ তেওঁলোকে নিয়ম অনুসৰি কাম কৰিছে বুলি মন্তব্য কৰিছে। অৱশ্যে গ্ৰাহকসকলৰ অভিযোগসমূহৰ ক্ষেত্ৰত গ্ৰহণযোগ্য উত্তৰ দিব নোৱাৰিলে লোক আদালতত উপস্থিত থকা ইক' ফাইনেন্সৰ বিষয়ববীয়াই। বৰ্তমান এই ভুক্তভোগী গ্ৰাহকসকল এনে বৃহৎ পৰিমাণৰ ধন আদায় দিবলৈ বাকী থকাৰ জাননী লাভ কৰি চৰম উৎকণ্ঠাত ভুগিব লগা হৈছে।

শেহতীয়া বাতৰি