মুখ্যপৃষ্ঠা »খবৰ »অসম »বিপদত পৰিব নেকি মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভা? আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ

বিপদত পৰিব নেকি মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভা? আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ

মাজুলী গড়মূৰ আৰক্ষী থানাত জোনমণি ৰাভাৰ প্ৰৱঞ্চক প্ৰেমিকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰে উন্মোচন কৰিছে বহুকেইটা দিশ। 

মাজুলী গড়মূৰ আৰক্ষী থানাত জোনমণি ৰাভাৰ প্ৰৱঞ্চক প্ৰেমিকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰে উন্মোচন কৰিছে বহুকেইটা দিশ। 

মাজুলী গড়মূৰ আৰক্ষী থানাত জোনমণি ৰাভাৰ প্ৰৱঞ্চক প্ৰেমিকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰে উন্মোচন কৰিছে বহুকেইটা দিশ। 

  • Share this:
শেহতীয়াকৈ ব্যাপক চৰ্চাত আছে নগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভা। নিজৰ হ’বলগীয়া স্বামীক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে দখল কৰিছে সংবাদ শিৰোনাম। পিছে আৰক্ষী বিষয়াগৰাকীৰ প্ৰৱঞ্চক প্ৰেমিক ৰাণা পগাগৰ বিৰুদ্ধে এগৰাকী লোকে মাজুলীৰ গড়মূৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰে বহুকেইটা নতুন দিশ উন্মোচন কৰিছে।মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত গড়মূৰ আৰক্ষীয়ে ইতিমধ্যে 20/22, 21/22 US120B/170/406/419/420/468/471/472 IPC অধীনত গোচৰ ৰুজু কৰিছে।







অভিযোগ অনুসৰি, ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ কথা পূৰ্বৰে পৰা জানিছিল আৰক্ষী বিষয়াগৰাকীয়ে। ভাইৰেল হৈছে আৰক্ষী বিষয়া গৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপো। আনহাতে ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া ৰাভাই ONGCৰ বিষয়া বুলি চিনাকি কৰাই দিছিল। কেৱল ইমানেই নহয় ঠিকা প্ৰদানৰ প্ৰলোভনেৰে দালাল ৰাণাৰ যোগেদি লাখ লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে জোনমণি ৰাভাৰ বিৰুদ্ধে। 

উল্লেখ্য যে, অজিত বৰাৰ পৰা মুঠ ১৩ লাখ বাসত্তৰ হাজাৰ আৰু ৰাম অৱতাৰ শৰ্মাৰ পৰা মুঠ ৪৯ লাখ ৪৬ হাজাৰ টকা ৰাণা পগাগে লোৱাৰ অভিযোগ উত্থাপিত কৰিছে। আনহাতে এই সকলো টকা কিছু পৰিমাণে বেংক চেক যোগে, কিছু নগদ আৰু অজিত বৰাই ত্ৰিশ হাজাৰ টকা জোনমণি ৰাভাৰ কানাড়া বেংকৰ একাউণ্টত দিয়াৰ প্ৰমাণ নিজৰ অভিযোগ নামাৰ সৈতে আৰক্ষীক প্ৰদান কৰিছে ।

এজাহাৰত জোনমণি ৰাভাই কেনেদৰে ব্যৱসায়ী দুজনক ৰাণা পগাগৰ লগত চিনাকি কৰাই দিছিল, কিমান পৰিমাণৰ টকা কেতিয়া আৰু কোন তাৰিখে দিয়া হৈছিল আদি সকলো কথা উল্লেখ কৰাত এতিয়া বিষয়টো অধিক সন্দেহৰ মাজলৈ সোমাই গৈছে। পিছে কোন সঁচা, কোন মিছা, আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব সকলো ৰহস্য।

শেহতীয়া বাতৰি