মুখ্যপৃষ্ঠা »খবৰ »অসম »Serfanguri Firing Case: ছেৰফাংগুৰিৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ, মডেল নৱনীতাসহ আটক ৬

Serfanguri Firing Case: ছেৰফাংগুৰিৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ, মডেল নৱনীতাসহ আটক ৬

প্ৰতীকী ফটো

প্ৰতীকী ফটো

ঘটনাৰ মূল মাষ্টাৰমাইণ্ড KLO নেতা পাৰ্থ প্ৰতিম বৰ্মন

  • Share this:
ছেৰফাংগুৰিৰ নাৰাবাৰীৰ গুলীচালনাৰ ঘটনাক লৈ কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে আৰু ৪ গৰাকী লোকক। ব্যৱসায়ী সুনীল মণ্ডলক গুলীচালনা কৰা ঘটনাত চোৰাইখোলৰ নিৰ্মল দাস (৩২), নাৰাবাৰীৰ গৌৰ চন্দ্ৰ ৰয় (২৯)ক আট কৰিছে।

ঘটনাৰ মূল মাষ্টাৰমাইণ্ড পাৰ্থ প্ৰতিম বৰ্মন (Main mastermind Partha Pratim Barman) বুলি নিশ্চিত কৰা হৈছে যি এতিয়া ম্যানমাৰ শিবিৰত আছে।

আনহাতে মডেল নৱনীতা বৰ্মন বোথ্ৰা আৰু তেওঁ স্বামী বিকাশ বোথ্ৰাকো কোকৰাঝাৰ আৰক্ষীয়ে কেএলঅ'  (KLO) নেতা পাৰ্থ প্ৰতিম বৰ্মনৰ সৈতে সন্দেহজনক সম্পৰ্ক ৰখাৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য, কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ গুলীচালনা ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত আৰম্ভ কৰা আৰক্ষীয়ে কচুগাঁওৰ উত্তম ৰায় (২৪ ) আৰু নাৰাবাৰী গাঁওৰ মৃদুল ৰায় (২৬) নামৰ দুগৰাকীকো কালি আটক কৰিছিল।

শেহতীয়া বাতৰি