ডেৰ বছৰৰ পূৰ্বে ড্ৰাগছৰ কবলত পৰিছিল প্ৰাঞ্জল। বিগত ফেব্ৰুৱাৰীৰ পৰা অত্যধিক হাৰত ড্ৰাগছ সেৱন কৰিছিল। ঘৰৰ বিক্ৰী কৰিছিল প্ৰাঞ্জলে।
ডেৰ বছৰৰ পূৰ্বে ড্ৰাগছৰ কবলত পৰিছিল প্ৰাঞ্জল। বিগত ফেব্ৰুৱাৰীৰ পৰা অত্যধিক হাৰত ড্ৰাগছ সেৱন কৰিছিল। ঘৰৰ বিক্ৰী কৰিছিল প্ৰাঞ্জলে।
কিমান ভয়াবহ হ'ব পাৰে ড্ৰাগছ আসক্তি? এই ড্ৰাগছৰ বাবেই থানবান হয় বহু সপোন, নিমিষতে ভাঙি চুড়মাৰ হয় একো একোখন সংসাৰ। শেহতীয়াকৈ তিতাবৰৰ বৰহোলাত পোহৰলৈ আহিছে ড্ৰাগছ আসক্তিৰ তেনে এক কৰুণ ঘটনা।
দেখিলেই অন্তৰ ভাঙি যোৱা এক দৃশ্য। এজন ২০ বছৰীয়া যুৱকক এটা বাঁহৰ খুটাত আতি আতি বান্ধি থোৱা হৈছে। কিন্তু হাত ভৰি বান্ধি থোৱা যুৱকজন কোনো অপৰাধী নহয়। ড্ৰাগছ আসক্তিৰ বাবেই পৰিয়ালৰ লোকে এনেদৰে বান্ধি থবলৈ বাধ্য হৈছে যুৱকজনক।
তিতাবৰৰ চেৰেলি মিচিং গাঁৱৰ প্ৰাঞ্জল ৰেগন নামৰ এই যুৱকজনে ড্ৰাগছৰ কবলত পৰিছিল ডেৰ বছৰৰ পূৰ্বে। কিন্তু বিগত ফেব্ৰুৱাৰী মাহৰ পৰা অত্যধিক হাৰত ড্ৰাগছ সেৱন কৰিবলৈ ধৰিলে প্ৰাঞ্জলে। আৰ্থিকভাৱে দুৰ্বল মাতৃৰ পৰা জোৰ জুলুমকৈ টকা কাঢ়ি নি ড্ৰাগছ সেৱন কৰিবলৈ ধৰিলে প্ৰাঞ্জলে।
উল্লেখযোগ্য যে, প্ৰাঞ্জলৰ পিতৃৰ কেইবছৰমান পূৰ্বেই মৃত্যু ঘটিছে। ইফালে টকা নাপালেই ঘৰৰ বয় বস্তুসমূহ এফালৰ পৰা ভাঙিবলৈ ধৰিলে। পুত্ৰৰ উপদ্ৰৱ দিনকদিনে বাঢ়ি যোৱাত এনেদৰেই মাজে সময়ে খুটাত বান্ধি থব লগাত পৰে মাতৃ জয়মতী ৰেগনে।
মাতৃগৰাকীৰ এনে অসহায় অৱস্থা দেখি অৱশেষত নিউজ 18 ৰ সাংবাদিকৰ লগতে স্থানীয় একাংশ সচেতন লোক আগবাঢ়ি আহে পৰিয়ালটোক সহায় কৰিবলৈ। সচেতন লোকসকলৰ তৎপৰতাত দেওবাৰে পুৱাই ড্ৰাগছ আসক্ত প্ৰাঞ্জল ৰেগনক প্ৰেৰণ কৰা হয় যোৰহাটস্থিত নিচামুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ। লগতে অসহায় মাতৃ জয়মতী ৰেগনকো পাৰ্যমানে সহায় কৰাৰ দায়িত্ব লয় স্থানীয় পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|