৯ জুনত বায়েকৰ বিয়া, আখৈ তোলা হাতখনত এতিয়া হেণ্ডকাফ

আলফা স্বাধীনৰ টাৰ্গেট ৰাজ্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰী! প্ৰাক্তন ছাত্ৰনেতা গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

news18assam
Updated:May 30, 2019, 12:31 PM IST
৯ জুনত বায়েকৰ বিয়া, আখৈ তোলা হাতখনত এতিয়া হেণ্ডকাফ
আলফা স্বাধীনৰ টাৰ্গেট ৰাজ্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰী! প্ৰাক্তন ছাত্ৰনেতা গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
news18assam
Updated: May 30, 2019, 12:31 PM IST
গুঞ্জন কলিতা : আলফা স্বাধীনেৰে যোগাযোগ ৰাখি গ্ৰেপ্তাৰ হ’ল গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উদ্ভিদ বিজ্ঞানৰ গৱেষক ছাত্ৰ সঞ্জীৱ তালুকদাৰ৷ আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ট্ৰেপত পৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল নেকি ছাত্ৰনেতা সঞ্জীৱ তালুকদাৰ? এই প্ৰশ্নই এতিয়া চৰ্চা লাভ কৰিছে সচেতন মহলত৷ মেধাৱী ছাত্ৰ সঞ্জীৱ তালুকদাৰৰ গ্ৰেপ্তাৰৰ পিছতে আলফা স্বাধীনে বহু শিক্ষাৰ্থীৰে যোগাযোগ অব্যাহত ৰাখিছে বুলি ইতিমধ্যে স্পষ্ট কৰিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰে৷ আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে আলফা স্বাধীনে এয়া নতুন পৰিকল্পনা কৰিছে যে কেনেকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীক ইনফ্লুৱেঞ্চ কৰি বিভিন্ন কামত লগাব পাৰে৷ অনুসন্ধানত এনে বহু তথ্য আৰক্ষীয়ে লাভ কৰিছে৷

বৰ্তমানলৈ প্ৰায় ৫-৬ বাৰ পৰেশ বৰুৱাৰে টেলিফোনত কথা পাতিছে মেধাৱী ছাত্ৰ সঞ্জীৱ তালুকদাৰে৷ টিভিৰ টক শ্ব’ত সঞ্জীৱৰ বক্তব্য শুনি ২০১৭ বৰ্ষত পৰেশ বৰুৱাই প্ৰথমটো ফোন কৰিছিল সঞ্জীৱক৷ প্ৰাপ্ত তথ্য অনুসৰি, পৰেশ বৰুৱা-সঞ্জীৱ তালুকদাৰৰ কথা-বাৰ্তাত স্থান পাইছিল অসমৰ জলন্ত সমস্যাসমূহে৷ পৰেশ বৰুৱাৰ কথা শুনি কেইবাজনো দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক টিউচনো কৰিছিল সঞ্জীৱে৷ কিন্তু বিজয় অসমক সঞ্জীৱ তালুকদাৰে কেনেকৈ লগ পালে সেই কথা শুনিলেই স্পষ্ট হ’ব মেধাৱী ছাত্ৰক লৈ পৰেশ বৰুৱাই কৰা অভিসন্ধিৰ বিষয়ে৷

পৰেশ বৰুৱাৰ কথা শুনাৰ ভুল কৰি সহায়ৰ উদ্দেশ্যে ২৭ এপ্ৰিলত গুৱাহাটীত পৰীক্ষা দিবলৈ অহা এজন যুৱকক সাক্ষাৎ কৰিছিল সঞ্জীৱে৷ পৰীক্ষা কেন্দ্ৰ চাম বুলি যুৱকজনে সঞ্জীৱৰ বাইকত উঠি গণেশগুৰি উৰণীয়া সেঁতুৰ তলৰ পৰা জু–ৰোড হৈ গৈছিল জালুকবাৰীলৈ৷ বাৰে বাৰে সোধাৰ পিছতো যুৱকজনে সঞ্জীৱক কোৱা নাছিল পৰীক্ষা আৰু পৰীক্ষা কেন্দ্ৰটোৰ নাম৷ সন্দেহ ওপজাত যুৱকজনৰ সংগ ত্যাগ কৰি যুৱকজনক ১ মে’ মোবাইলত ব্লক কৰিছিল সঞ্জীৱে৷ ১৫ মে’ৰ জু–ৰোডৰ বিস্ফোৰণৰ পিছতে পোহৰলৈ আহিল যে সঞ্জীৱৰ বাইকত উঠা সেই অচিনাকী যুৱকজনেই আছিল বিজয় অসম।

পৰেশ বৰুৱাৰ কথা শুনিয়ে অচিনাকীক সহায় কৰিবলৈ গৈ এতিয়া ৰঙাঘৰৰ আলহী হ’ল এইজন মেধাৱী ছাত্ৰনেতা৷ ঘৰখনতো নিমাওমাও পৰিৱেশ৷ ৯ জুনত বায়েকৰ বিয়া, আখৈ তোলা হাতখনত এতিয়া হাতকেৰেয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি