JMCHত শিশুৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ কি? পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

SCNUৰ ভিতৰত অধিকাংশ সামগ্ৰীয়েই ভৰি আছে বিষাক্ত বীজাণুৰে।

News18-Assam
Updated:November 7, 2019, 9:53 AM IST
JMCHত শিশুৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ কি? পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
SCNUৰ ভিতৰত অধিকাংশ সামগ্ৰীয়েই ভৰি আছে বিষাক্ত বীজাণুৰে।
News18-Assam
Updated: November 7, 2019, 9:53 AM IST
যোৰহাট মেডিকেল কলেজ হাস্পতালৰ সদ্যোজাত শিশুৰ বিশেষ যতন ইউনিটৰ ভিতৰত বিগত কিছুদিনত চিকিৎসাধীন শিশুৰ মৃত্যুৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা ঘটনা পোহৰলৈ আনিছিল NEWS18-এ। এই বাতৰিৰ পিছতেই স্বাস্থ্য বিভাগে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছিল তদন্ত।

তদন্তৰ পিছতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ঘটনাৰ সত্যতা স্বীকাৰ কৰিছিল আৰু লগে লগে আন্তঃগাঁথনি উন্নত কৰা, চিকিৎসক-নাৰ্ছৰ সংখ্যা বৃদ্ধি কৰাকে ধৰি বহুকেইটা ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিছিল।

কিন্তু JMCHত শিশুৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ কি?

স্বাস্থ্য বিভাগৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ সত্য। আপুনি জানি আচৰিত হ’ব যে SCNUৰ ভিতৰত অধিকাংশ সামগ্ৰীয়েই ভৰি আছে বিষাক্ত বীজাণুৰে। আনকি SCNUৰ ভিতৰৰ বায়ুতো পোৱা গৈছে বিপদসীমাৰ ওপৰত বিষাক্ত বীজাণুৰ উপস্থিতি। ICUৰ দুৱাৰৰ হেণ্ডেল, নাৰ্ছিং ষ্টেছন, বেবী বেড, চিৰিঞ্জ পাম্প, চেন্ট্রেল চাকছন মেছিন, CPAP ভেণ্টিলেটৰ, ফটোথেৰাপি ছাৰফেচ, এ চি ভেণ্ট, ৱাশ্বিং এৰিয়া সকলোতে বিষাক্ত বীজাণুৰ উপস্থিতি ধৰা পৰিছে।


জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এই ঘটনাৰ তদন্তৰ সময়ত SCNUৰ ভিতৰৰ সামগ্ৰীসমূহ লেবৰেটৰীত পৰীক্ষা কৰাৰ পিছতে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য। SCNUৰ ভিতৰৰ বতাহত মাত্ৰাতকৈ অধিক বিজাণুৰ উপস্থিতি ধৰা পৰিছে।

লেব’ৰেটৰীৰ তথ্য অনুসৰি, বিভিন্ন ধৰণৰ বিষাক্ত বেক্টেৰিয়াৰে ভৰি আছিল SCNUৰ ভিতৰভাগ, যিসমূহে এজন ব্যক্তিক গুৰুতৰভাৱে অসুস্থ কৰি তুলিব পাৰে। তদন্তৰ সময়ছোৱাত এই ঘটনা পোহৰলৈ অহাৰ পিছতে SCNUৰ ভিতৰত কৰ্মৰত নাৰ্ছসকলক বিশেষভাৱে সতৰ্ক কৰি দিয়াৰ লগতে এনে ধৰণৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি