শতিকাৰ আটাইতকৈ বৃহৎ সুৰা ট্ৰেজেডিৰ আঁৰত ভয়ংকৰ কাণ্ড

চোৰাং ব্যৱসায়ীয়ে টেংকাৰৰ পৰা চুৰি কৰা মিথানলক ইথানল বুলি বিক্ৰী কৰাৰ কাৰণেই হ’ল এই ভয়ংকৰ কাণ্ড।

News18
Updated:July 11, 2019, 4:18 PM IST
শতিকাৰ আটাইতকৈ বৃহৎ সুৰা ট্ৰেজেডিৰ আঁৰত ভয়ংকৰ কাণ্ড
ফাইল ফটো
News18
Updated: July 11, 2019, 4:18 PM IST
গৌতম বৰা, নিউজ18 অসম নৰ্থ ইষ্টঃযোৱা ফেব্ৰুৱাৰী মাহত সমগ্ৰ দেশ কঁপাই যোৱা যোৰহাট আৰু গোলাঘাট জিলাত সংঘটিত বিষাক্ত সুৰাকাণ্ডৰ অন্তৰালৰ কাহিনী পোহৰলৈ আহিছে । সকলোৱে ভবাৰ দৰে লালি গুড়ৰ পৰা প্ৰস্তুত কৰা চুলাই মদৰ পৰা হোৱা নাছিল এই ভয়ানক ঘটনা । কমেও ডেৰশ লোকৰ প্ৰাণহানি হোৱা চুলাই কাণ্ডৰ প্ৰধান কাৰণ লালি গুড় বুলি ভবা হৈছিল যদিও নিউজ18ৰ হাতত আহি পৰা বিস্ফোৰক তথ্য অনুসৰি লালি গুড় নহয় অতি বিষাক্ত ৰাসায়নিক দ্ৰব্য মিথানলৰ পৰা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।
গোলাঘাটৰ একাংশ ধাবাত চলি থকা ইথানল নামৰ এবিধ ৰাসায়নিক দ্ৰব্যৰ চোৰাং ব্যৱসায়ৰ বাবেই ঘটনাটো সংঘটিত হৈছিল। খটখটিৰ ৰেডিয়েন্ট মেনুফেক্সাৰ নামৰ ফেক্টৰিটোৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ টেঙ্কাৰ যোগে প্ৰেৰণ কৰা হয় সুৰা প্ৰস্তুতকৰণৰ মূল উপাদান ইথানল। এই ইথানল 220 লিটাৰৰ গেলেনত আঠ হাজাৰ টকা দৰত গোলাঘাটৰ থুৰামুখৰ একাংশ ধাবাত চুৰি কৰি বিক্ৰী কৰি আহিছিল এটা চক্ৰই । প্ৰায় এক লিটাৰ ইথানল 40 টকা দৰত ক্ৰয় কৰি তাত পানী মিহলাই বিক্ৰী কৰিলে 40 হাজাৰ টকা লাভ হয় চোৰাং ব্যৱসায়ীসকলৰ। সেয়েহে গোলাঘাটৰ লগতে বৰহোলা অঞ্চলতো জনপ্ৰিয় হৈছিল এই বিশেষ সুৰা। কিন্তু ফেব্ৰুৱাৰী মাহৰ সেই অভিশপ্ত দিনটোত টেঙ্কাৰৰ পৰা চুৰি কৰা সামগ্ৰীখিনি আছিল মিথানল। পাৰ্থক্য বুজি নাপাই মিথানল খিনিকেই ইথানল বুলি ভুল কৰি বিক্ৰী কৰিছিল ধাবা কেইখনে। ফলত এই সুৰা সেৱন কৰিয়েই মৃত্যু মুখত পৰিছিল ডেৰ শতাধিক লোক। অভিযোগমতে গোলাঘাট আৰক্ষীয়ে এই সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি