নগাঁৱৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ দেহাৱসান। নিশা নগাঁও চহৰৰ জ্যোতিনগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট আলোকচিত্ৰ শিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত কাৰণত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।
নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েচনৰো সভাপতি আছিল প্ৰয়াত কুণ্ডু। ইয়াৰোপৰি 'বিস্ময়' আলোচনীৰ ফটোগ্ৰাফাৰ আছিল তেওঁ। ‘বিস্ময়’ আলোচনীৰ বাবে এটা সময়ত সমগ্ৰ অসমৰে এগৰাকী বিখ্যাত ফটোগ্ৰাফাৰ হৈ পৰিছিল কুণ্ডু। ছবি নিৰ্মাতা অৰূপ মান্নাৰ সকলো ছবিৰেই স্থিৰ চিত্ৰ গ্ৰহণকাৰী আছিল জ্যেষ্ঠ ফটোগ্ৰাফাৰগৰাকী।
অধুনালুপ্ত জনপ্ৰিয় স্থানীয় নিউজ চেনেল 'নগাঁও টকছ'ৰো জ্যেষ্ঠ ফটো সাংবাদিক আছিল তেওঁ। নগাঁও চহৰৰ মাজমজিয়াতে তেওঁৰ আছিল 'ৰিয়েল ফটো ইমেজ' নামৰ এটা ষ্টুডিঅ'।
অসমী কুণ্ডুৰ বিয়োগত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।
আলোকচিত্ৰ শিল্পীগৰাকীৰ বিয়োগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ বিয়োগত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়া আৰু সাধাৰণ সম্পাদক অজিত শইকীয়াৰ লগতে নগাঁও ইলেকট্ৰনিক আৰু ডিজিটেল মিডিয়া এছ'চিয়েচনৰ সভাপতি তপন কুমাৰ বৰা আৰু সম্পাদক নীলোৎপল বৰাই গভীৰ শোক প্ৰকাশ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|